চিটাৰা ডেস্ক, ২৮আগষ্ট:অভিনেত্ৰী কংগনা ৰাণাৱটে টুইটযোগে শ্বেয়াৰ কৰিলে দেশপ্ৰেমমূলক ছবি 'টেজছ'ৰ পোষ্টাৰ। লগতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা 'টেজছ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হ'ব বুলিও শুক্ৰবাৰে টুইটযোগে প্ৰকাশ কৰে ছবিখনত মুখ্য ভূমিকাত থকা কংগনাই। 'টেজছ' ছবিত যুদ্ধ বিমানৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰীগৰাকীয়ে।
ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব কংগনা ৰানাৱট অভিনীত 'টেজছ'ৰ দৃশ্যগ্ৰহণ - 'টেজছ'
চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব 'টেজছ'ৰ দৃশ্যগ্ৰহণ। ছবিখনৰ মুখ্য ভূমিকা তথা যুদ্ধ বিমানৰ পাইলটৰ ৰূপত দেখা পোৱা যাব অভিনেত্ৰী কংগনা ৰাণাৱটক। 'টেজছ'ৰ এখন পোষ্টাৰ টুইটযোগে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।
![ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব কংগনা ৰানাৱট অভিনীত 'টেজছ'ৰ দৃশ্যগ্ৰহণ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব কংগনা ৰানাৱট অভিনীত 'টেজছ'ৰ দৃশ্যগ্ৰহণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8588397-554-8588397-1598607733816.jpg)
ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব কংগনা ৰানাৱট অভিনীত 'টেজছ'ৰ দৃশ্যগ্ৰহণ
টুইটযোগে শ্বেয়াৰ কৰা পোষ্টাৰখনত তেওঁক বায়ুুসেনা বাহিনীৰ পোছাক পৰিধান কৰি যুদ্ধ বিমানৰ কাষত থিয় হৈ থকা দেখা গৈছে। ছবিখনত সাহসী পাইলটৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ সুযোগ পাই গৌৰৱান্বিত বুলি মন্তব্য কৰিছে কংগনাই। ছবিখনৰ প্ৰথম পোষ্টাৰ যোৱা ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছিল। 'টেজছ'ৰ নিৰ্দেশনা কৰিছে সৰ্ৱেশ মেৱাৰাই আৰু পৰিচালনাৰ দায়িত্বত আছে ৰনী স্ক্ৰীউৱালাই। ২০২১ৰ এপ্ৰিল মাহত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে।
লগতে পঢ়ক:বিক্ৰান্ত মেছি আৰু শ্বেতা ত্ৰিপাঠী অভিনীত কাৰ্গোৰ মুক্তি সন্দৰ্ভত...