অসম

assam

ETV Bharat / sitara

কংগনা ৰাণাৱটে আৰম্ভ কৰিলে "থালাইভি"ৰ দৃশ্যগ্ৰহণ - অভিনেত্ৰী কংগনা ৰাণাৱট

অভিনেত্ৰী কংগনা ৰাণাৱটো সেইসকল অভিনেতাৰ তালিকাত সন্নিবিষ্ট হৈছে, যিসকলে ছমাহৰো অধিক সময় মহামাৰীজনিত কাৰণৰ বাবে অব্যাহত লক ডাউনৰ পাচত পুনৰ চিনেমাৰ ছেটলৈ ঘূৰি আহে ৷

কংগনা ৰাণাৱটে আৰম্ভ কৰিলে "থালাইভি"ৰ দৃশ্যগ্ৰহণ
কংগনা ৰাণাৱটে আৰম্ভ কৰিলে "থালাইভি"ৰ দৃশ্যগ্ৰহণ

By

Published : Oct 5, 2020, 2:06 PM IST

চিটাৰা ডেস্ক, 5 অক্টোবৰ:অভিনেত্ৰী কংগনা ৰাণাৱটৰ মতে, "এই পৃথিৱীত বহু বিচিত্ৰ স্থান আছে কিন্তু আটাইতকৈ অধিক প্ৰশান্তিমূলক আৰু সান্ত্বনাদায়ক হ'ল... এটা চিনেমাৰ ছেট ৷"

শেহতীয়াকৈ অভিনেত্ৰী গৰাকী বহু বিতৰ্কৰ আৱৰ্তত আছিল মুম্বাইক "পাকিস্তান-অধীন" কাশ্মীৰ হিচাপে তুলনা কৰি ৷ সোমবাৰে তেওঁ এক টুইটযোগে বহু প্ৰত্যাশিত ছবি "থালাইভি"ৰ ছেটত পৰিচালক এ.এল বিজয়ৰ সৈতে বাৰ্তালাপ কৰি থকা ফটো শ্বেয়াৰ কৰে ৷

অভিনেত্ৰী গৰাকীয়ে বোলছবি খনত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে জয়াললিতাৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ বিগত সপ্তাহৰ আৰম্ভণিতে কংগনাই মহামাৰীজনিত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত পুনৰবাৰলৈ কাম আৰম্ভ কৰে ৷ লগতে নিজৰ অনুৰাগী সকলক তেওঁ থালাইভিৰ দৃশ্যগ্ৰহণৰ বাবে দক্ষিণ ভাৰতলৈ ভ্ৰমণ কৰাৰ কথাও উল্লেখ কৰে ৷

"থালাইভি" ছবিখন বাহুবলী আৰু মণিকৰ্ণিকা বোলছবিৰ লেখক কে.ভি বিজয়েন্দ্ৰ প্ৰসাদৰ লগতে, ডাৰ্টী পিকচাৰ আৰু ৱানছ্ আপন এ টাইম ইন মুম্বাইৰ লেখক ৰজত আৰোৰাই লিখিছে ৷ বোলছবি খন চলিত বৰ্ষৰে জুন মাহৰ 26 তাৰিখে ছবিগৃহসমূহত প্ৰদৰ্শিত হোৱাৰ কথা আছিল কিন্তু, কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে সেইয়া সম্ভৱ হৈ নুঠিল ৷

লগতে পঢ়ক:সুদীৰ্ঘ ছমাহৰ অন্তত ৰাধেৰ ছেটলৈ প্ৰত্যাৱৰ্তন ছলমান খানৰ

ABOUT THE AUTHOR

...view details