অসম

assam

ETV Bharat / sitara

কংগনাক মানসিক চিকিৎসাৰ প্ৰয়োজন: আমেয়া খোপকাৰ

কংগনা ৰানাৱট আৰু কেইবাটাও ৰাজনৈতিক দলৰ মাজত চলি থকা বাকযুদ্ধৰ মাজতে, সেই যুদ্ধত অৱতীৰ্ণ হয় MNS চিত্ৰপদ সেনাৰ মুৰব্বী আমেয়া খোপকাৰ ৷ খোপকাৰে কয়, অভিনেত্ৰী গৰাকীক মানসিক চিকিৎসাৰ প্ৰয়োজন ৷

আমেয়া খোপকাৰ
আমেয়া খোপকাৰ

By

Published : Sep 4, 2020, 6:56 PM IST

চিটাৰা ডেস্ক, 4 চেপ্তেম্বৰ:শিৱসেনাৰ জ্যেষ্ঠ নেতা প্ৰতাপ সাৰনায়কে কংগনা ৰানাৱটক হুংকাৰ প্ৰদান কৰি কয় যে, "যদি তেওঁ মুম্বাইলৈ আহে, তেন্তে আমাৰ যোদ্ধাই তেওঁৰ মুখ ভাগিব ৷" তাৰ মাজতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি MNS চিত্ৰপদ সেনাৰ মুৰব্বী আমেয়া খোপকাৰেও অভিনেত্ৰী গৰাকীক মানসিক চিকিৎসাৰ প্ৰয়োজন বুলি উল্লেখ কৰে ৷

খোপকাৰে কুইন চিনেমাৰ অভিনেত্ৰী গৰাকীয়ে মুম্বাই আৰক্ষীৰ বিৰুদ্ধে কৰা টুইটৰ বিৰোধিতা কৰে ৷ বিৰোধিতা কৰি তেওঁ অভিনেত্ৰী গৰাকীক ৰাজদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনায় ৷

শুকুৰবাৰে অভিনেত্ৰী গৰাকীয়ে এক টুইটযোগে উল্লেখ কৰে যে, তেওঁ 9 চেপ্তেম্বৰত মুম্বাই পাবগৈ আৰু তেওঁক যদি কোনোৱে পাৰে ৰখাবলৈ প্ৰত্যহ্বান জনায় ৷

কংগনাক মানসিক চিকিৎসাৰ প্ৰয়োজন: আমেয়া খোপকাৰ

"মই দেখিবলৈ পাইছো যে, বহুতে মোক মুম্বাইলৈ ঘুৰি নাহিবলৈ হুমকি প্ৰদান কৰিছে ৷ সেই বাবেই মই এতিয়া অহা সপ্তাহৰ 9 তাৰিখেই মুম্বাই ভ্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ মই মুম্বাই বিমান বন্দৰত গৈ অৱতৰণ কৰাৰ সময়ত প'ষ্ট কৰিম, কিচি কে বাপ মে হিম্মত হ্যে তোহ ৰোক লে (যদি কোনোৱে পাৰে তেন্তে মোক ৰখাই চাওক)" বুলি তেওঁ টুইটযোগে উল্লেখ কৰে ৷

কংগনা সম্প্ৰতি তেওঁৰ গৃহ চহৰ মানালিত আছে, য'ত তেওঁ COVID-19 ৰ বাবে জাৰি কৰা লক ডাউনৰ সময়খিনি নিজৰ পৰিয়ালৰ সৈতে অতিবাহিত কৰি আছে ৷

লগতে পঢ়ক:ৰিয়া চক্ৰৱৰ্তীৰ সহযোগী চেমুৱেল মিৰাণ্ডাক আটক NCB ৰ

ABOUT THE AUTHOR

...view details