ছিটাৰা ডেস্ক, 31 অক্টোবৰ :আত্মহত্যাৰ প্ৰৱণতা সম্পৰ্কত মুখ খুলিলে পপ তাৰকা জাষ্টিন বিবাৰে ৷ Justin Bieber: Next Chapter নামৰ শেহতীয়া তথ্যচিত্ৰৰ জৰিয়তে নিজৰ মানসিক স্বাস্থ্য সম্পৰ্কত মন্তব্য কৰে বিশ্ববিখ্যাত গায়কগৰাকীয়ে ৷
তেওঁ কয়, "এনেকোৱা সময় আহিছিল যেতিয়া মোৰ আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাইছিল ৷ ভাবিছিলো এই কষ্টবোৰ কেতিয়াবা শেষ হ'ব নে ? সেই কষ্ট ধাৰাবাহিক ভাবে হৈ গৈছিল ৷ মই কেৱল কষ্ট পাই আছিলো ৷ সেয়েহে ইয়াক অনুভৱ কৰাতকৈ অনুভৱ নকৰো বুলি চিন্তা কৰিছিলো ৷"
শুকুৰবাৰে প্ৰকাশ পোৱা তথ্যচিত্ৰত এনেদৰে মন্তব্য কৰে 26 বৰ্ষীয় পপ তাৰকাগৰাকীয়ে কয় যে, নিজৰ ওপৰত থকা বিশ্বাসৰ বাবে ইয়াৰ পৰা আৰোগ্য হ'বলৈ সক্ষম হৈছিল ৷