চিটাৰা ডেস্ক, ৩ জানুৱাৰী: বলীউড অভিনেত্ৰী জাহ্নৱী কাপুৰৰ আহিবলগীয়া ছবিৰ দৃশ্যগ্ৰহণৰ প্ৰস্তুতি তুংগত । তামিল ছবি কোলামাবু কোকিলাৰ হিন্দী সংস্কৰণৰ দৃশ্যগ্ৰহণৰ কাম অহা ৯ জানুৱাৰীত পঞ্জাৱত হ'ব । এক আৱেগিক ভাৱধাৰাৰে নয়নতৰাৰ চৰিত্ৰত অভিনয় কৰিব জাহ্নৱীয়ে । মধ্যবিত্ত পৰিয়ালৰ তেনেই সাধাৰণ জীৱন-যাপনৰ আধাৰত নয়নতৰাৰ চৰিত্ৰত অভিনয় কৰিব জাহ্নৱীয়ে । মুঠৰ ওপৰত সম্পূৰ্ণ বাস্তৱধৰ্মী এখন ছবি কোলামাবু কোকিলা । সিদ্ধাৰ্থ সেন গুপ্তাৰ পৰিচালিত ছবি কোলামাবু কোকিলা ।
ছবিখনৰ দৃশ্যগ্ৰহণৰ কামৰ বাবে প্ৰায় ৪৫ দিনৰ বাবে পঞ্জাৱলৈ ৰাওনা হ'ব জাহ্নৱী কাপুৰ । COVID-১৯ ক প্ৰতিহত কৰিবলৈ ছবিখনৰ নিৰ্মাতাই সম্পূৰ্ণকৈ ব্যয়বহুল যোজনাৰ প্ৰস্তুতি চলাইছে ।