অসম

assam

ETV Bharat / sitara

IMDB's top movies list : The Shawshank Redemptionক ছেৰ পেলাই শীৰ্ষত Jai Bhim - ক্লাছিক দ্য গডফাদাৰ

মুক্তিৰ পাচতে খলকনি তুলিছে তামিল ছবি "জয় ভীমে"(Jai Bhim) । IMDBৰ শীৰ্ষ ২৫০ খন ছবিৰ তালিকাত প্ৰথম স্থানত আছে দক্ষিণ ভাৰতীয় ছবিৰ জনপ্ৰিয় অভিনেতা সূৰ্য অভিনীত "জয় ভীম" । ন্যায়াধীশ চন্দ্ৰুৰ জীৱনত সংঘটিত বাস্তৱ কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে ।

Jai Bhim dethrones The Shawshank Redemption to top IMDB's list
The Shawshank Redemptionক ছেৰ পেলাই IMDBৰ তালিকাৰ শীৰ্ষত Jai Bhim

By

Published : Nov 13, 2021, 6:05 PM IST

চিটাৰা ডেস্ক, ১৩ নৱেম্বৰ: The Shawshank Redemptionক পিছ পেলাই IMDBৰ শীৰ্ষ ২৫০ খন ছবিৰ তালিকাত প্ৰথম স্থানত আছে "জয় ভীমে"(Jai Bhim) । ইতিমধ্যে সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ছবিখনে । ছবিখনত দক্ষিণ ভাৰতীয় ছবিৰ জনপ্ৰিয় অভিনেতা সূৰ্য, লিজো মোল জোছ আৰু মণিকান্দানে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে । জ্ঞানাভেল(Gnanavel) পৰিচালিত আৰু সূৰ্যৰ 2ডি এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰযোজিত তামিল ভাষাৰ ছবিখনে 9.6 ৰেটিং লাভ কৰি IMDBৰ তালিকাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

ফ্ৰেংক ডাৰাবণ্টৰ The Shawshank Redemptionই 9.3 ৰেটিং লাভ কৰি দ্বিতীয় স্থানত আছে । আনহাতে, ফ্ৰান্সিছ ফৰ্ড কপোলাৰ "ক্লাছিক দ্য গডফাদাৰে"(Classic The Godfather) 9.2 ৰেটিং লাভ কৰিছে আৰু তৃতীয় স্থানত আছে । তালিকাখনৰ শীৰ্ষ ১০ টা স্থানত থকা আন ছবিসমূহৰ ভিতৰত আছে ষ্টিভেন স্পিলবাৰ্গৰ "চিণ্ডলাৰ্ছ লিষ্ট"(Schindler's List), পিটাৰ জেকচনৰ "দ্য লৰ্ড অৱ দ্য ৰিংছ: দ্য ৰিটাৰ্ণ অৱ দ্য কিং"(The Lord of the Rings: The Return of the King), কুৱেণ্টিন টাৰাণ্টিনো(Quentin Tarantino)ৰ "পাল্প ফিকচন" আৰু ক্ৰিষ্টোফাৰ নোলানৰ "ইনচেপচন" । ন্যায়াধীশ চান্দ্ৰু(Justice Chandru)ৰ জীৱনৰ কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ "জয় ভীম" ছবিখন নিৰ্মাণ কৰা হৈছে ।

ইৰুলাৰ সম্প্ৰদায়ৰ দৰিদ্ৰ লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি অহা এজন অধিবক্তাৰ ৰূপত সূৰ্যক দেখা গৈছে ।

দুখীয়া লোকসকলৰ অসহায় অৱস্থাৰ সুযোগ লৈ আৰক্ষী বাহিনীয়ে অমানৱীয়ভাৱে কৰা শোষণৰ বিৰুদ্ধে অধিবক্তাগৰাকীয়ে আদালতৰ মজিয়াত যুঁজ দিয়া দেখুওৱা হৈছে । ছবিখন তামিল, তেলেগু, হিন্দী, কানাড়া আৰু মালায়ালম ভাষাত মুক্তি দিয়া হৈছে । মুক্তিৰ পাচতে দৰ্শকে বিপুল সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:শীঘ্ৰেই OTT প্লেটফৰ্মত প্ৰৱেশ কৰিব যশৰাজ ফিল্মছে

ABOUT THE AUTHOR

...view details