নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ বিশিষ্ট অভিনেতা ইৰফান খানৰ মাতৃৰ মৃত্যু ঘটে শনিবাৰে । পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিনটোতে জয়পুৰৰ টংকস্থিত বাসগৃহত মৃত্যু ঘটে চায়েদা বেগমৰ । ৮০ বছৰীয়া চায়েদা বেগম দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভূগি আছিল ।
শনিবাৰে বিয়লিৰ ভাগত ধৰ্মীয় ৰীতি-নীতি অনুসৰি, জয়পুৰত অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব চায়েদা বেগমৰ । কিন্তু দেশব্যাপী চলি থকা লকডাউনৰ বাবে মাতৃৰ অন্তিম সংস্কাৰত অভিনেতাগৰাকীয়ে অংশগ্ৰহণ কৰিব পাৰিব নে নাই তাক লৈ নিশ্চিত হোৱা নাই । অৱশ্যে বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দেওবাৰে বিয়লিৰ ভাগলৈ জয়পুৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে অভিনেতাগৰাকী ।