অসম

assam

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্নৰ বাবে মনোনীত জেৰিফা ৱাহিদ

By

Published : Jul 18, 2019, 9:46 PM IST

বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ ছবি "ভগা খিৰিকী"ত কৰা অভিনয়ৰ বাবে অভিনেত্ৰী জেৰিফা ৱাহিদে লাভ কৰিছে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ন, 2019 ৰ মনোনয়ন

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্নৰ বাবে মনোনয়ন লাভ জেৰিফা ৱাহিদ

গুৱাহাটী, 18 জুলাইঃ অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ । অহা 9 আগষ্টৰ পৰা 17 আগষ্টলৈ মেলবৰ্নত অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ন, 2019 ৰ বাবে মনোনয়ন লাভ কৰিছে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে । বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ ছবি "ভগা খিৰিকী"ত কৰা অভিনয়ৰ বাবে অভিনেত্ৰী গৰাকীয়ে লাভ কৰিছে এই মনোনয়ন ৷ উল্লেখযোগ্য যে , জেৰিফা ৱাহিদৰ লগতে মনোনয়নৰ এই দৌৰত আছে বলিউডৰ অভিনেত্ৰী টাবু, আলিয়া ভাট, বেংগলী অভিনেত্ৰী ঋতুপৰ্না সেনগুপ্তা, নীনা গুপ্তা আৰু লাডাকৰ অভনেত্ৰী জিগমেট ডেৱা লামে ।

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্নৰ বাবে মনোনয়ন লাভ জেৰিফা ৱাহিদ

ABOUT THE AUTHOR

...view details