মুক্তি পালে হাউচফুল 4ৰ ট্ৰেইলাৰ - মুক্তি পালে হাউচ ফুল 4ৰ ট্ৰেইলাৰ
দৰ্শকক এখন মনোৰঞ্জনধৰ্মী ছবিৰ সোৱাদ দিবলৈ আহি আছে 'হাউচফুল-4'

হাউচ ফুল 4
চিটাৰা ডেক্স,27 ছেপ্টেম্বৰঃআজি মুক্তি পালে দৰ্শকৰ বহু প্ৰত্যাশিত ছবি 'হাউচফুল-4'ৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰ জৰিয়তে ছবিখন যে মনোৰঞ্জনধৰ্মী প্ৰেম কাহিনীৰ প্ৰেক্ষাপটত নিৰ্মিত হৈছে সেইয়া নিশ্চিত হৈ পৰিছে৷ ছবিখনৰ তাৰকাসকলে চ'ছিয়েল মিডিয়াযোগে প্ৰকাশ কৰে ছবিখনৰ ট্ৰেইলাৰ ৷ ছাজিদ নাদিয়াদৱালাৰ দ্বাৰা পৰিচালিত ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰে,ৰীতেশ দেশমুখ,ববী দেউল,কীৰ্তি সেনন,পূজা হেগ্ৰে আৰু কীৰ্তি খাৰবাণ্ডাই ৷ উল্লেখ্য যে, ছবিখন ছবিগৃহলৈ আহিব এইবৰ্ষৰ 25 অক্টোবৰ তাৰিখে ৷