অসম

assam

ETV Bharat / sitara

Happy Birthday Naga Chaitanya : অভিনেতাগৰাকীৰ পাঁচখন শ্ৰেষ্ঠ ছবি - telugu actor naga chaitanya birthday

আজি টলীউডৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্য(Naga Chaitanya)ৰ জন্মদিন ৷ জন্মদিনৰ পূৰ্বে সোমবাৰে পিতৃ নাগাৰ্জুন আৰু নাগাৰ আহিবলগীয়া ছবি Bangarraju ৰ পৰা নাগা চৈতন্যৰ চৰিত্ৰটোৰ সংক্ষিপ্ত প্ৰচাৰ হয় । চলচ্চিত্ৰখনৰ জৰিয়তে পাঁচ বছৰৰ ব্যৱধানৰ অন্তত ৰূপালী পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব পিতৃ-পুত্ৰৰ যুঁটিটোক ৷

happy birthday naga chaitanya
অভিনেতা নাগা চৈতন্যৰ জন্মদিন

By

Published : Nov 23, 2021, 2:10 PM IST

চিটাৰা ডেস্ক, 23 নৱেম্বৰ : দাক্ষিণাত্য তথা টলীউডৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্য(Naga Chaitanya)ৰ আজি 35 বছৰীয়া জন্মদিন ৷ প্ৰসিদ্ধ তেলেগু অভিনেতা নাগাৰ্জুন আক্কিনেনী(Nagarjuna Akkineni) আৰু ডিজাইনাৰ লক্ষ্মী দাগ্গুবতী(Lakshmi Daggubati)ৰ পুত্ৰ নাগা চৈতন্য টলীউডৰ এগৰাকী আগশাৰীৰ অভিনেতা ৷

অভিনেতা নাগা চৈতন্যৰ জন্মদিন

নন্দী বঁটা(Nandi Award) বিজয়ী নাগা চৈতন্যৰ 2009 চনত টলীউড জগতত অভিনেতা হিচাপে আত্মপ্ৰকাশ ঘটিছিল ৷ বৰ্তমানলৈকে 20 খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে নাগাই । সোমবাৰে জন্মদিনৰ পূৰ্বে পিতৃ নাগাৰ্জুন আৰু নাগাৰ আহিবলগীয়া ছবি ‘Bangarraju’ৰ পৰা নাগা চৈতন্যৰ চৰিত্ৰটোৰ সংক্ষিপ্ত প্ৰচাৰ হয় ।

অভিনেতা নাগা চৈতন্যৰ জন্মদিন

কল্যাণ কৃষ্ণ কুৰাছালাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ জৰিয়তে পাঁচ বছৰৰ ব্যৱধানৰ অন্তত পিতৃ-পুত্ৰৰ যুঁটিক ৰূপালী পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব ৷ নাগাৰ প্ৰথমখন তেলেগু ছবিয়ে Silver Plateত স্থান দখল কৰিবলৈ সক্ষম হয় । মনোৰঞ্জন জগতত স্থান দখল কৰিবলৈ হ’লে কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ প্ৰয়োজন ।

অভিনেতা নাগা চৈতন্যৰ জন্মদিন

এটি উন্নত পৰিয়ালৰ পৰা অহা যদিও নাগাই নিজৰ প্ৰশংসনীয় অভিনয় আৰু আকৰ্ষণীয় লুকেৰে ছবিজগতত স্থান দখন কৰিবলৈ সক্ষম হয় ৷ নাগাৰ প্ৰায়ভাগ ছবিয়েই বক্স-অ’ফিচত ৰেকৰ্ড গঢ়া পৰিলক্ষিত হৈছে ৷ অভিনেতাগৰাকীৰ শেহতীয়া ছবি ‘Premam and Sahasam Swasaga Saagipo’ৰ বাবে তেওঁ দৰ্শকৰ পৰা অশেষ মৰম বুটলিবলৈ সক্ষম হৈছে ৷

অভিনেতা নাগা চৈতন্যৰ জন্মদিন

ওপজা দিনৰ শুভক্ষণত আহক জুকিয়াই চাও চৈতন্যই অভিনয় কৰা 5 খন ব্লকবাষ্টাৰ ছবি...

JOSH (2009)

‘Josh’ আছিল চৈতন্যই অভিনয় কৰা প্ৰথমখন টলীউড ছবি । চলচ্চিত্ৰখনত চৈতন্যই ছাত্ৰ ৰাজনীতিৰ সংঘাতত জড়িত হৈ পৰা ‘Satya’ নামৰ এজন যুৱকৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল ৷ চৈতন্যৰ আত্মপ্ৰকাশ ঘটা প্ৰথমখন ছবিয়েই ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ছবিখনৰ পৰিচালনাত আছিল পৰিচালক বাসু বাৰ্মা ৷

MANAM (2014)

বিক্ৰম কুমাৰৰ দ্বাৰা পৰিচালিত ‘Manam’ হৈছে এখন বঁটা বিজয়ী ছবি, যাৰ কাহিনীটো দুই দম্পতী আৰু এগৰাকী বৃদ্ধৰ ওপৰত কেন্দ্ৰীভূত ৷ অতীতৰ কিছু ঘটনাৰ যোগেদি এজনে আনজনৰ সৈতে সম্পৰ্কত বান্ধ খাই আছিল ৷ পুনঃনিৰ্মাণৰ লগে লে মানমত আক্কিনেনী পৰিয়ালৰ তিনি প্ৰজন্মই অভিনয় কৰিছে- স্বৰ্গীয় অভিনেতা আক্কিনেনী নাগেশ্বৰ ৰাও, তেওঁৰ পুত্ৰ নাগাৰ্জুন আৰু নাতি নাগা চৈতন্য । আনহাতে তেওঁলোকৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল শ্ৰিয়া চৰণ আৰু চামান্থাই ৷

অভিনেতা নাগা চৈতন্যৰ জন্মদিন

PREMAM (2016)

এই ছবিখনে মুখ্য চৰিত্ৰ বিক্ৰমৰ (চৈতন্য) জীৱনত পৰ্যায়ক্ৰমে মহিলাসকলৰ সৈতে গঢ়া ৰোমাণ্টিক সম্পৰ্কক প্ৰতিফলিত কৰিছে ৷ ছবিখনত নাগাৰ বিপৰীতে অভিনয় কৰিছে সুমা (অনুপমা পৰমেশ্বৰণ), চিথাৰা (শ্ৰুতি হাছান) আৰু সিন্ধু (মেডোন্না চেবাষ্টিয়ান)য়ে । এই ছবিখন একে নামৰ এখন মালায়ালম চলচ্চিত্ৰৰ ৰিমেক ৷

MAJILI (2019)

চতুৰ্থবাৰৰ বাবে শিৱ নিৰ্বণাৰ দ্বাৰা পৰিচালিত ৰোমাণ্টিক-খেলধৰ্মী ছবি ‘Majili’ত অভিনয় কৰি সহযোগিতা কৰিছিল চৈতন্য আৰু চামান্থাই ৷ এই ছবিখন 1983 চনত মুক্তিলাভ কৰা ৰাষ্ট্ৰীয় বঁটা বিজয়ী কমল হাছানৰ ছবি ‘Sagara Sangamam’ ৰ ওপৰত আধাৰিত ।

লগতে পঢ়ক :Tribute to actor Biju Phukan : অভিনেতা বিজু ফুকনক মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details