অসম

assam

ETV Bharat / sitara

বৃহস্পতিবাৰৰ পৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ - জ্যোতি চিত্ৰবন

7 দিনীয়া কাৰ্যসূচীৰে তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ব এই চলচ্চিত্ৰ মহোৎসৱ

কাইলৈৰ পৰা আৰম্ভ হ'ব গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

By

Published : Oct 30, 2019, 10:03 PM IST

গুৱাহাটী,30 অক্টোবৰঃ গুৱাহাটীত তৃতীয়বাৰৰ বাবে আৰম্ভ হ'ব গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৷ কাইলৈ অৰ্থাৎ 31 অক্টোবৰৰ পৰা আৰম্ভ হ'ব লগা এই চলচ্চিত্ৰ মহোৎসৱৰ অন্ত পৰিব 6 নৱেম্বৰত ৷ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ'ব লগা এই চলচ্চিত্ৰ মহোৎসৱৰ ৷ যোৱা কেইবাদিনো ধৰি গুৱাহাটীস্থিত কলাক্ষেত্ৰত মহোৎসৱখনিৰ আয়োজন কৰি থকা হৈছিল। এই অনুষ্ঠান উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব পোলেণ্ডৰ বিশিষ্ট পৰিচালক ক্ৰিষ্টোফ জানুচি, ছবি পৰিচালক মধুৰ ভাণ্ডাৰকাৰকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি।

কাইলৈৰ পৰা আৰম্ভ হ'ব গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰিচালিকা মণিতা বৰগোঁহাইয়ে জানিবলৈ দিয়া অনুসৰি 100 ত কৈ অধিক ছবি 67 খন দেশৰ পৰা বাচনি কৰি অনা হৈছে। এই মহোৎসৱৰ প্ৰতিটো দিনত 16 ছবি প্ৰদৰ্শিত হ'ব বুলিও জনালে পৰিচালিকা গৰাকীয়ে। কলাক্ষেত্রৰ 3 টা প্ৰেক্ষাগৃহত ছবি প্ৰদৰ্শিত কৰাৰ লগতে জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত থাকিব ছবিৰ দর্শনী। এইবাৰৰ চলচ্চিত্ৰ মহোৎসৱৰ ভৰ্তি মাচুল ধাৰ্য কৰা হৈছে 300 টকাৰ পৰা 150 টকালৈ। ছাত্ৰ ছাত্ৰী সকলৰ বাবে থাকিব ভৰ্তি মাচুল 150 টকা আৰু পৰিচালক তথা দর্শকৰ বাবে 300 টকা ভৰ্তি মাচুল ধাৰ্য কৰা হৈছে। উল্লেখ্য যে,গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰিমা দাসৰ বুলবুল কেন চিং প্ৰদৰ্শিত হোৱাৰ লগতে ভাস্কৰ হাজৰিকাৰ আমিষ দৰ্শকে উপভোগ কৰিবলৈ পাব ।

আৰু পঢ়কঃ

ABOUT THE AUTHOR

...view details