চিটাৰা ডেস্ক, ৮ জুলাই: ৫ আগষ্টত ভাৰতত মুক্তি পাব বহু প্ৰতিক্ষীত ছবি 'Fast and Furious'ৰ নৱম সংস্কৰণ । ভিন ডিজেল অভিনীত ছবিখন ভাৰতত ইংৰাজী, হিন্দী, তামিল, তেলেগু আৰু কানাড়া ভাষাত মুক্তি পাব । জাষ্টিন লিনে পৰিচালনা কৰা "F9" হৈছে জনপ্ৰিয় 'Fast and Furious' ছিৰিজৰ নৱম সংস্কৰণ । ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, চীন, ৰাছিয়া, কোৰিয়া, হংকং আৰু মধ্য প্ৰাচ্যত ছবিখন মুক্তি দিয়া হৈছে ।
ভিন ডিজেলৰ উপৰিও মিচেল ৰ'ড্ৰিগেজ, টাইৰিজ গিবচন, জৰ্ডানা ব্ৰুষ্টাৰ, ক্ৰিছ ব্ৰিজ, নাথালে ইমানুৱেল, হেলেন মিৰেন আৰু চাৰ্লিজ থেৰনে ছবিখনত অভিনয় কৰিছে । ছবিখনত নতুন কলা-কুশলীসকলৰ সৈতে জন চিনা আৰু কাৰ্ডি বি আৰু অজুনাক শক্তিশালী ৰূপত তেওঁলোকৰ চৰিত্ৰ ৰূপায়ণ কৰা দেখা গৈছে । ইউনিভাৰ্চেল পিকচাৰ্ছে নিৰ্মাণ কৰা ছবিখনৰ কাহিনীভাগ লিখিছে জাষ্টিন লিন আৰু ডেনিয়েল কেচেই । ২০১৭ চনত মুক্তি লাভ কৰা "দ্য ফেট অৱ দ্য ফিউৰিয়াছ"(The Fate of the Furious)ৰ নৱম সংস্কৰণ আৰু ইউনিভাৰ্চেল পিকচাৰ্ছে নিৰ্মাণ কৰা দশমখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি ।