মৰাণ, 20 ডিচেম্বৰ : অসমীয়া বোলছবি প্ৰেমীৰ বাবে ভাল খবৰ । ইংৰাজী নৱবৰ্ষৰ প্ৰথম সপ্তাহতে মুক্তি লাভ কৰিব এখন নতুন অসমীয়া বোলছবি ‘একলব্য’ (Assamese Film Ekalavya)। অভিজ্ঞ পৰিচালক আলফ্ৰেড খানৰ পৰিচালনাত নিৰ্মিত ছবিখনে ইতিমধ্যে চলচিত্ৰ প্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে । চলচিত্ৰখনৰ প্ৰচাৰৰ উদ্দেশ্যে দেওবাৰে সন্ধিয়া টিম 'একলব্য' হঠাৎ উপস্থিত হয় টিংখাঙত ।
টিংখাঙৰ ৰাজগড়ত টিম একলব্যক কেন্দ্ৰ কৰি অনুৰাগীসকলৰ মাজত ব্যাপক উছাহ-উদ্দীপনা পৰিলক্ষিত হয় । ছবিখনৰ মূল অভিনেতা-অভিনেত্ৰী কমল লোচন, ৰূপচন্দা শৰ্মাৰ লগতে চিন্ময় কটকী, হিমাংশু গগৈ, অতনু মহন্ত, কৰিশ্মা পূজাৰী, সংগীত নিৰ্দেশক অৰূপজ্যোতি বৰুৱাকে ধৰি ছবিখনৰ লগত জড়িত বহুকেইগৰাকী শিল্পী, কলা-কুশলী উপস্থিত থাকে ।