নিউজ ডেক্স,৬ মে: 'বাঘি টু 'আৰু 'ভাৰত'ৰ পাছত এইবাৰ 'মালাঙ'ৰ কামত ব্যস্ত অভিনেত্ৰী দিশা পাটানি। এম এচ ধোনীৰ জৰিয়তে বলিউড জগতত সফলতাৰে পদাপৰ্ণ কৰা অভিনেত্ৰীগৰাকীয়ে ক্ৰমান্বয়ে বহু কেইখন চলচ্চিত্ৰত অভিনয় কৰিছে। সম্প্ৰতি অভিনেতা আদিত্য ৰয় কাপুৰ,অনিল কাপুৰ,কুনাল কেমুৰ সৈতে মালাঙত অভিনয় কৰিব অভিনেত্ৰী গৰাকীয়ে।
'মালাঙ'ৰ কামত ব্যস্ত হৈ পৰিছে অভিনেত্ৰী দিশা পাটানি
'মালাঙ'ৰ বাবে বিশেষ অনুশীলন কৰি আছে ২৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে
'মালাঙ'ৰ কামত ব্যস্ত হৈ পৰিছে অভিনেত্ৰী দিশা পাটানি
শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰাম যোগে প্ৰকাশ কৰে যে, তেওঁ সম্প্ৰতি 'মালাঙ'ৰ বাবে গ্ৰহণ কৰি আছে বিশেষ অনুশীলন। ইনষ্টাগ্ৰামযোগে প্ৰকাশিত ফটোখনত অভিনেত্ৰীগৰাকীয়ে সহযোগী অভিনেতা আদিত্য ৰয় কাপুৰৰ সৈতে ক'লা ৰঙৰ ডাইভিং চ্য়ুট পিন্ধি থকা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, অনুৰাগীৰ বহু প্ৰত্যাশিত এই 'মালাঙ' চলচ্চিত্ৰখন ছবিগৃহলৈ আহিব ২০২০ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে।