অসম

assam

ভাতৃ শৌভিকৰ জৰিয়তে ড্ৰাগছ ক্ৰয় কৰিছিল নেকি ৰিয়াই ?

By

Published : Sep 7, 2020, 12:50 PM IST

Narcotics Control Bureauৰ জেৰাত ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ পৰা নিচাজাতীয় দ্ৰব্য সংগ্ৰহ কৰাৰ কথাত সন্মতি প্ৰদান কৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে ৷ দেওবাৰে প্ৰথমবাৰৰ বাবে NCBৰ কাৰ্যালয়ত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী ৷

Did Rhea confess procuring drugs through brother Showik?
ভাতৃ শৌভিকৰ জৰিয়তে ড্ৰাগছ ক্ৰয় কৰিছিল নেকি ৰিয়াই?

চিটাৰা ডেক্স,7 ছেপ্তেম্বৰঃ সূত্ৰই প্ৰকাশ কৰা অনুসৰি Narcotics Control Bureauৰ জেৰাত ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ পৰা নিচাজাতীয় দ্ৰব্য সংগ্ৰহ কৰাৰ কথাত সন্মতি প্ৰদান কৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে ৷ উল্লেখ্য যে, দেওবাৰে প্ৰথমবাৰৰ বাবে Narcotics Control Bureauৰ কাৰ্যালয়ত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী ৷

NCBৰ বিষয়াৰ জেৰাত ৰিয়াই সুশান্ত সিং ৰাজপুতৰ বাবে নিচাজাতীয় দ্ৰব্য সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি 17 মাৰ্চত সুশান্তৰ বন্ধু চেমুৱেল মিৰাণ্ডাই জেইডৰ পৰা ড্ৰাগছ ক্ৰয় কৰাৰ বিষয়ে জ্ঞাত বুলিও জানিবলৈ দিয়ে ৰিয়াই ৷ ৰিয়াৰ স্বীকাৰোক্তি অনুসৰি ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰী জেইডৰ সৈতে সহযোগিতা আগবঢ়াইছিল ৰিয়াই ৷

ৰিয়া আৰু ভাতৃ শৌভিকৰ মাজৰ 15 মাৰ্চৰ কথোপকথখিনি সঁচা বুলিও স্বীকাৰ কৰিছে 28 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে ৷ ৰিয়াই জনোৱা অনুসৰি তেখেতে নিজ ভাতৃৰ জৰিয়তে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ বাবে নিচাজাতীয় সামগ্ৰী ক্ৰয় কৰিছিল ৷ ইয়াৰ উপৰিও শৌভিকে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী বছিতৰ পৰা ড্ৰাগছ ক্ৰয় কৰা সন্দৰ্ভটো অবগত আছিল ৰিয়া ৷

সোমবাৰে Narcotics Control Bureau কাৰ্যালয়ত পুনৰ উপস্থিত হ’ব অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী ৷

শনিবাৰে NCBয়ে শৌভিক চক্ৰৱৰ্তীক ন্যায়িক জিম্মাত লৈ কয়, তেখেতে নিচাজাতীয় দ্ৰব্যৰ নেটৱৰ্ক জৰিয়তে বলিউডত প্ৰৱেশ কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছিল ৷ শৌভিকৰ উপৰিও NCBয়ে চেমুৱেল মিৰাণ্ডা, কাইজেন, জেইড বিলাট্ৰা আৰু পৰিহাৰক আটক কৰে ৷

লগতে পঢ়ক-ৰাজনীতিলৈ যোৱা শিল্পী সকলৰ বিষয়ে কি ক'লে জনপ্ৰিয় শিল্পী মৃদুল ভূঞাই ?

ABOUT THE AUTHOR

...view details