চিটাৰা ডেস্ক, ৩ জানুৱাৰী: বলিউড জগতত তোলপাৰ সৃষ্টি কৰা জনপ্ৰিয় ছবি ধুম-৩ ৰ পাচত এইবাৰ ধুম-৪ ৰ চৰ্চা অব্যাহত থকাৰ সময়তে ধুম-৪ ত বিৰোধী পক্ষৰ চৰিত্ৰত অভিনয়ৰ বাবে দীপিকা পাডুকনৰ সৈতে আলোচনা কৰাৰ কথা পোহৰলৈ আহিছে । ধুম-৩ত অভিষেক বচ্চন আৰু আমিৰ খানে অভিনয় কৰিছিল । ধুম-৪ৰ বাবে এইবাৰ মহিলা খলনায়কৰ চৰিত্ৰ ৰূপায়ণৰ যো-জা চলাইছে যশৰাজ ফিল্মে । যাৰবাবে দীপিকা পাডুকনৰে আলোচনা অব্যাহত ৰাখিছে । এই খবৰে দীপিকাৰ অনুৰাগীসকলৰ মাজত যথেষ্ঠ উৎসাহ আনিছে ।
ধুম-৪ ত অভিনয়ৰ বাবে আলোচনা চলিছে দীপিকা পাডুকনৰ
ধুম-৪ত মহিলা খলনায়কৰ চৰিত্ৰত অভিনয়ৰ বাবে যশৰাজ ফিল্মৰে আলোচনা চলিছে দীপিকা পাডুকনৰ ।
ইতিমধ্যে দীপিকা পাডুকনৰ সৈতে কথা-বতৰা প্ৰায় হৈ যোৱা বুলি জানিব পৰা গৈছে । কিন্তু ছবিখনৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দিষ্ট তাৰিখ ঠিক কৰা হোৱা নাই । উল্লেখ্য যে ধুম-৪ ত দীপিকা পাডুকনে পোনপ্ৰথমবাৰৰ বাবে অভিনয় কৰিব । ১৪ বছৰে অভিনয় জগতত সুনাম কঢ়িয়াই অহা দীপিকাই এইবাৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিব । দীপিকাৰ পৰৱৰ্তী ছবি শ্য়কুন বত্ৰাচৰ পৰিচালিত ছবিত সহযোগী হিচাপে অভিনয় কৰিব সিদ্ধান্ত চতুৰ্বেদী আৰু অনন্যা পাণ্ডে ।
লগতে পঢ়ক:ক্ৰিছ নোলানৰ সৈতে কাম কৰি অভিনেত্ৰীৰ সুকীয়া পৰিচয় প্ৰাপ্তি এলিজাবেথৰ