অসম

assam

ETV Bharat / sitara

মুক্তিৰ প্ৰথমটো দিনতে 'ARTICLE 15' ৰ সফলতা

চলচ্চিত্ৰখনে সমাজখনৰ কিছুমান অপ্ৰিয় সত্য উদঙাই দিবলৈ সক্ষম হৈছে । এই চলচ্চিত্ৰখন সমাজৰ দাপোন স্বৰূপ হৈ পৰিছে ।

By

Published : Jun 30, 2019, 1:51 PM IST

মুক্তিৰ প্ৰথমটো দিনতে 'ARTICLE 15' ৰ সফলতা

নিউজ ডেস্ক , ৩০ জুন:মুক্তিৰ ক্ষেত্ৰত বহু বাধাৰ সন্মুখীন হোৱা 'ARTICLE 15' এ বক্স অফিচত মুক্তিৰ প্ৰথম দিনা খনেই ৫.০২ কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে । মুক্তিৰ পাচতেই চলচ্চিত্ৰ খনে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ।

চলচ্চিত্ৰখনে সমাজখনৰ কিছুমান অপ্ৰিয় সত্য উদঙাই দিবলৈ সক্ষম হৈছে । এই চলচ্চিত্ৰখন সমাজৰ দাপোন স্বৰুপ হৈ পৰিছে । এই চলচ্চিত্ৰখনত আয়ুষ্মান খুৰানাই আৰক্ষীৰ বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে । আৰু এই চৰিত্ৰটোক দৰ্শকে আকোঁৱালি লৈছে । দৰ্শকৰ এই বিপুল সঁহাৰিলৈ লক্ষ্য ৰাখি চলচ্চিত্ৰখনৰ প্ৰযোজক অনুভৱ সিন্হাই টুইটাৰ যোগে দৰ্শকক ধন্যবাদ জ্ঞাপন কৰে । শুকুৰবাৰে মুক্তি পোৱা এই চলচ্চিত্ৰখন ১৬০০ টা ছবিগৃহত প্ৰদৰ্শন কৰা হৈছিল ।

ABOUT THE AUTHOR

...view details