নিউজ ডেক্স,৯ এপ্ৰিলঃ মঙলবাৰে মুক্তি পালে "দৰবাৰৰ" প্ৰথমখন প'ষ্টাৰ। এ. আৰ মুৰুগাড'চৰ দ্বাৰা নিৰ্মিত চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে চুপাৰষ্টাৰ ৰজনীকান্তে । প'ষ্টাৰখনত ৰজনীকান্তক এক বিশেষ ৰূপত দেখা গৈছে । আশা কৰা হৈছে যে যথেষ্ট মনোৰঞ্জনধৰ্মীৰ হ'ব এই চলচ্চিত্ৰখন । উল্লেখ্য যে, প্ৰায় ২৫ বছৰৰ অন্তত ৰজনীকান্তক দেখিবলৈ পাব পুলিচৰ চৰিত্ৰত ।
বহুদিনৰ বিৰতিৰ পিচত পুলিচৰ ৰূপত উভতিছে অভিনেতা ৰজনীকান্ত - RAJNIKANTH
ৰজনীকান্তৰ অনুৰাগীসকলৰ বাবে সুখবৰ । কাৰণ ৰজনীকান্ত সাজু হৈছে তেওঁৰ নতুন চলচ্চিত্ৰৰ বাবে। মুকলি হ'ল তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰ দৰবাৰৰ প'ষ্টাৰ ।
বহু বিৰতিৰ অন্তত পুলিচৰ ৰূপত ৰজনীকান্ত উভতিছে দৰবাৰৰ সৈতে
তেওঁ ১৯৯২ চনতে শেষৰবাৰৰ বাবে পাণ্ডিয়ান চলচ্চিত্ৰখনত পুলিচৰ চৰিত্ৰত অভিনয় কৰিছিল চুপাৰষ্টাৰ। পিচে সময়তহে গম পোৱা যাব ৰজনীকান্তৰ জীৱনৰ ১৬৭ সংখ্যক চলচ্চিত্ৰখনক দৰ্শকে কেনেদৰে আঁকোৱালি লয়।