মুম্বাই, 27 মে': ৰামগোপাল বাৰ্মাই মুকলি কৰিছে তেওঁৰ নতুন ছবিৰ ট্ৰেইলাৰ । তামিল ভাষাত নিৰ্মাণ হোৱা ছবিখনৰ নাম ৰখা হৈছে কৰ'ণা ভাইৰাছ আৰু ছবিখন "মহামাৰী" আৰু "লক ডাউনৰ" বিষয়বস্তুৰ ওপৰতে নিৰ্মাণ কৰা হৈছে । ছবিখনৰ শ্বুটিঙো কৰা হৈছে লক ডাউনৰ সময়চোৱাতে ।
কৰ'ণা ভাইৰাছঃ ৰামগোপাল বাৰ্মাৰ নতুন ছবিৰ ট্ৰেইলাৰ মুকলি - ছলচিত্ৰ নিৰ্মাতা ৰাম গোপাল বৰ্মা
কৰ'ণা ভাইৰাছ মহামাৰী সংক্ৰমণৰ মাজতে ছবি নিৰ্মাতা ৰাম গোপাল বৰ্মাই মুকলি কৰিলে এখন নতুন ছবিৰ ট্ৰেইলাৰ । ছবিখনৰ নাম ৰখা হৈছে কৰ'ণাভাইৰাছ ৷ ছবিখন লকডাউনৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু শ্বুটিঙো কৰা হৈছে লক ডাউনৰ মাজতে ।
কৰ'ণা ভাইৰাছঃ ৰামগোপাল বাৰ্মাৰ নতুন ছবিৰ ট্ৰেইলাৰ মুকলি
মঙলবাৰৰ সন্ধিয়া টুইটাৰ ব্যৱহাৰ কৰি তেওঁ চাৰি মিনিট দৈৰ্ঘ্যৰ ট্ৰেইলাৰটো মুকলি কৰে । তেওঁ টুইটত ছবিখনৰ শ্বুটিং লক ডাউনৰ মাজতে কৰাৰ কথা প্ৰকাশ কৰি ছবিখনৰ বিষয়ে উল্লেখ কৰে আৰু লগতে লিখে যে, "...প্ৰমাণ কৰিব বিছাৰো যে, কোনেও আমাৰ কামত বাধা হ'ব নোৱাৰে, লাগিলে ঈশ্বৰে হওঁক বা কৰ'ণাই হওক ।"
এই চিনেমাখনত থাকিব শ্ৰীকান্ত আয়েংগাৰ । অৱশ্যে ছবিখন কেতিয়া মুকলি কৰিব তাৰ নিৰ্দিষ্ট দিন উল্লেখ কৰা নাই ।