চিটাৰা ডেস্ক, 25 অক্টোবৰঃজুবিনৰ মিছন চাইনা,কাঞ্চনজংঘাৰ পিছত যতীন বৰাৰ ৰত্নাকৰে এক নতুন দিগন্তৰ সূচনা কৰিছে অসমীয়া চলচ্চিত্ৰ জগতত ৷ অসমীয়া চলচ্চিত্ৰ উদ্যোগটো যেন এক ন উদ্যমেৰে পুনৰ জীপাল কৰি তুলিছে এই চলচ্চিত্ৰকেইখনে ৷ ছবিগৃহলৈ ঢাপলি মেলিছে অসমীয়া দৰ্শক ৷ অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া দিনৰ স্মৃতিবোৰ যেন পুনৰ সজীৱ হৈ উঠিছে ৷ শেহতীয়াকৈ ৰত্নাকৰ ছবিখনে দৰ্শকৰ বিপুল সঁহাৰি পাবলৈ সক্ষম হৈছে ৷ দুটা সপ্তাহৰ ভিতৰতে অৰ্জন কৰিছে 5 কোটিতকৈ অধিক টকা ৷
মুখ্যমন্ত্ৰীক সাক্ষাৎ টিম ৰত্নাকৰৰ - ব্ৰক্ষ্মপুত্ৰ ৰাজ্যিক অতিথি শালা
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিলে বৰষাৰাণী বিষয়া,যতীন বৰা সহিতে টিম ৰত্নাকৰৰ আন বহু কলা-কুশলীয়ে
মুখ্যমন্ত্ৰীৰ সৈতে টিম ৰত্নাকৰ