অসম

assam

ETV Bharat / sitara

মাজুলীৰ বাবে আশীৰ্বাদস্বৰূপ হ'ব নেকি 'বৰনদী ভটিয়াই' চলচ্চিত্ৰ ! - majuli_DC

ছবিগৃহৰ অভাৱ সন্দৰ্ভত কি ক'লে মাজুলী উপায়ুক্তই !

আশীৰ্বাদস্বৰূপ হ'ব নেকি 'বৰনদী ভটিয়ায়' চলচ্চিত্ৰ !

By

Published : Jun 18, 2019, 2:57 PM IST

মাজুলী,১৮জুনঃ মাজুলীৰ প্ৰেক্ষাপটত নিৰ্মিত এই বৰনদী ভটিয়ায় শীৰ্ষক চলচ্চিত্ৰখনে অসমৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ লগতে বিদেশতো বিপুল আদৰ লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু দুখৰ বিষয় যে,মাজুলীক লৈ নিৰ্মাণ হোৱা এই ছবিখন চাবলৈ পোৱা নাই স্বয়ং মাজুলীবাসীয়ে। কাৰণ মাজুলীত নাই এটাও ছবিগৃহ। ছবিগৃহৰ অভাৱত ৩ মে'তে মুক্তি পোৱা চলচ্চিত্ৰখন এমাহ পৰ্যন্ত চাবলৈ পোৱা নাছিল মাজুলীবাসীয়ে। মুক্তিৰ ৩৩ টা দিনৰ পিছতহে মঙলবাৰে ছবিখন চোৱাৰ সুযোগ লাভ কৰে মাজুলীবাসীয়ে । চলচ্চিত্ৰগৃহৰ অবিহনে ৰংগমঞ্চতে,মঙলবাৰে মাজুলীত প্ৰদৰ্শন কৰা হৈছে অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ বৰঘৰ আৰু আধ্যাত্মিক পৰিৱেশ সমৃদ্ধ মাজুলীৰ সহজ-সৰল জনজীৱনৰ মাধুৰ্যক তুলি ধৰা নৱতম অসমীয়া বোলছবি "বৰনদী ভটিয়ায়"। মঞ্চত চলচ্চিত্ৰখন উদ্বোধন কৰে , মাজুলী জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই।

মাজুলীৰ বাবে আশীৰ্বাদস্বৰূপ হ'ব নেকি চলচ্চিত্ৰ বৰনদী ভটিয়ায় !

উল্লেখনীয় যে,অনুষ্ঠানৰ মাজুলীৰ উপায়ুক্তগৰাকীয়ে দিয়া ইতিবাচক খবৰে আনন্দিত কৰে সকলো মাজুলীয়ানকে । জিলাখনৰ বহু দিনীয়া এই অভাৱৰ প্ৰতি লক্ষ্য ৰাখি ছবি গৃহৰ অভাৱ দূৰ কৰাৰ বাবে অসম চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাই উপায়ুক্তগৰাকীয়ে।

ABOUT THE AUTHOR

...view details