অসম

assam

By

Published : Sep 24, 2019, 10:15 PM IST

ETV Bharat / sitara

অমিতাভ বচ্চনলৈ দাদা চাহেব ফাল্কে বঁটা

বিগ-বি ক প্ৰদান কৰা হ’ব ভাৰতীয় চিনেমা জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা ৷ ভাৰতীয় চিনেমা জগতত দিয়া অভূতপূৰ্ণ অৱদানৰ বাবেই অমিতাভ বচ্চনক প্ৰদান কৰা হ’ব এই বিশেষ সন্মান ৷ মঙলবাৰে এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱেদকাৰে ৷

বলিউডৰ মহানায়কলৈ দাদা চাহেব ফাল্কে বঁটা

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰঃবলিউডৰ মহানায়ক অমিতাভ বচ্চনৰ অনুৰাগীৰ বাবে আহিছে এক সুখবৰ ৷ ‘যনজীৰ’, ‘অগ্নিপথ’, ‘শ্ব’লে’, ‘পা’, ‘দিৱাৰ’, ‘ডন’, ‘চৰকাৰ’, ‘পিকু’, ‘আনন্দ’, ‘ছাৰাবি’, ‘অমৰ আকবৰ এন্থনী’, ‘চাট্টে পে চাট্টা’, ‘নমক হাৰাম’, ‘মুকাদ্দাৰ কা চিকাণ্ডাৰ’ ‘ব্লেক’ আদিৰ দৰে চিনেমাত বলিষ্ঠ অভিয়নৰ পৰিচয় দিয়া অভিনেতাগৰাকীলৈ বলিউডত দিয়া অভূতপূৰ্ব অৱদানৰ বাবে প্ৰদান কৰা হৈছে ভাৰতীয় চিনেমা জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা ৷ মঙলবাৰে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱেদকাৰে ৷

জাৱেদকাৰে কয় য়ে, বলিউডৰ মহানায়ক অমিতাভ বচ্চনে যোৱা দুটা দশকে বিশ্ববাসীক মনোৰঞ্জনৰ লগতে প্ৰেৰণা দি আহিছে ৷ দাদা চাহেব ফাল্কে বঁটাৰ বাবে তেওঁক মনোনীত কৰা হৈছে ৷ দেশবাসীৰ লগতে সমগ্ৰ বিশ্বৰ বাবে এই সুখৰ খবৰ ৷ তেওঁক মোৰ ফালৰ পৰা অলেখ শুভকামনা ৷ 2018 বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে অমিতাভ বচ্চনক ৷ উল্লেখ্য যে, 1969 চনত ‘সাত হিন্দুস্তানী’ নামৰ চিনেমাৰে বলিউডত প্ৰথম খোজ দিছিল অমিতাভ বচ্চনে ৷

দাদা চাহেব ফাল্কে বঁটাপ্ৰাপ্তৰ তালিকা -

নামচন
দেৱীকা ৰাণী 1969
বীৰেন্দ্ৰ নাথ চিৰকাৰ 1970
পৃথ্বী ৰাজ কাপুৰ 1971
পংকজ মল্লিক 1972
ৰুৱী মাইয়েৰ্ৰ্চ (ছোলচানা) 1973
ব’মীৰেড্ডী নৰছিম্হা ৰেড্ডী 1974
ধীৰেন্দ্ৰ নাথ গাংগুলী 1975
কন্নন দেৱী 1976
নিতিন ব’ছ 1977
ৰায়চন্দ ব’ড়াল 1978
শ্বহৰাৱ মোডী 1979
পাইডী জয়ৰাজ 1980
নৌশ্বাদ 1981
এল বি প্ৰসাদ 1982
দুৰ্গা খ’টে 1983
সত্যজীৎ ৰায় 1984
ভি শান্তাৰাম 1985
বী নাগী ৰেড্ডী 1986
ৰাজ কাপুৰ 1987
অশোক কুমাৰ 1988
লতা মাংগেশকাৰ 1989
অক্কিনেনী নাগেশ্ৱাৰা ৰাও 1990
ভালজী পেণধৰ 1991
ভূপেন হাজৰিকা 1992
মজৰুহ চুলতানপুৰী 1993
দিলীপ কুমাৰ 1994
ৰাজকুমাৰ (কন্নড়) 1995
শিৱাজী গণেশন 1996
কবি প্ৰদীপ 1997
বী আৰ চোপ্ৰা 1998
ঋষিকেশ মুখাৰ্জী 1999
আশা ভোঁসলে 2000
যশ চোপ্ৰা 2001
দেৱ আনন্দ 2002
মৃণাল সেন 2003
অদুৰ গৌপালকৃষ্ণণ 2004
শ্যাম বেনেগাল 2005
তপন সিনহা 2006
মন্না ডে 2007
বী কে মুৰ্থী 2008
ডী ৰামানায়ডু 2009
কে বালাচন্দৰ 2010
সৌমিত্ৰ চটাৰ্জী 2011
প্ৰাণ 2012
গুলজাৰ 2013
শশী কাপুৰ 2014
মনোজ কুমাৰ 2015
কে বিশ্বনাথ 2016
বিনোদ খান্না 2017
অমিতাভ বচ্চন 2018

ABOUT THE AUTHOR

...view details