চিটাৰা ডেস্ক, 21 মে’: ছবি নিৰ্মাতা অনুৰাগ কাশ্যপ, স্ক্ৰীপ্ট লেখক বৰুণ গ্ৰোভৰ আৰু কমেডীয়ান কুণাল কাম্ৰাই বৃহস্পতিবাৰে কোভিড-19 পৰীক্ষা কিটৰ বাবে ধন গোটাবলৈ নিজৰ ট্ৰ’ফীসমূহ সাহাৰ্য হিচাপে নিলাম কৰে ৷
তেওঁলোকৰ এই অভিযানৰ লক্ষ্য হৈছে, আগন্তুক 30 দিনত মুঠ 10 টা কিটৰ বাবে 3,44,000 টকা যুগুত কৰা আৰু এই টকাখিনিৰে মুঠ এহাজাৰ লোকক পৰীক্ষা কৰিব পৰা যাব ৷
বলিউডৰ শিল্পীৰ ট্ৰ’ফী নিলামী নিৰ্মাতা অনুৰাগ কাশ্যপে তেওঁৰ টুইটাৰযোগে ঘোষণা কৰে যে, এই নিলামীত যিয়ে আটাইতকৈ বেছি দৰ-দাম কৰে তেওঁক কাশ্যপৰ নামজ্বলা ছবি ‘গেংগছ অৱ ৱাছেপুৰ’ৰ বাবে লাভ কৰা ফিল্মফেয়াৰ ট্ৰ’ফীটো প্ৰদান কৰিব ৷
আনহাতে, লেখক বৰুণ গ্ৰোভৰে আয়ুষ্মান খুৰানা-ভুমি পেডনেকাৰ অভিনীত ছবি ‘দম লগা কে হাইশা’ৰ ‘মোহ মোহ কে ধাগে’ শীৰ্ষক গীতটিৰ বাবে লাভ কৰা ট্ৰ’ফী নিলামী হিচাপে দিয়ে ৷
ইয়াৰোপৰি কমেডীয়ান কাম্ৰাই তেওঁৰ ইউ টিউবৰ বাবে লাভ কৰা পুৰস্কাৰসমূহ নিলামী হিচাপে দান কৰা বুলি জানিবলৈ দিয়ে ৷
ক্ৰাউডফাণ্ডিং প্লেটফৰ্ম মিলাপে জনোৱা অনুসৰি, এই অভিযানযোগে গোটোৱা ধনসমূহ পোনপটীয়াকৈ মায়লেব ডিস্ক’ভাৰী চল্যুশনলৈ প্ৰেৰণ কৰা হ’ব, যিয়ে বুৰ্ডা মিডিয়া ইণ্ডিয়াৰ দ্বাৰা হাস্পাতাল আৰু লেব’ৰেট’ৰীত কোভিড-19 পৰীক্ষণৰ কিটসমূহ ক্ৰয় কৰি ব্যৱহাৰ কৰিব পাৰিব ৷
লগতে পঢ়ক:জ্যেষ্ঠ সাংবাদিক মোজাহিদুল হকৰ দেহাৱসান