চিটাৰা ডেস্ক, 25 মে’: ‘ছেনিটাইজেশ্যনৰ বহুত আৱশ্যকতা আছে’ বুলি মন্তব্য প্ৰদান কৰি বলিউডৰ ভাইজান তথা মেগাষ্টাৰ চলমান খানে টুইটাৰযোগে এক নতুন ব্ৰেণ্ড মুকলি কৰে ৷
বলিউডৰ ভাইজান চলমান খানৰ নতুন ছেনিটাইজাৰ মুকলি - চলমান খানৰ টুইটাৰযোগে এক নতুন ব্ৰেণ্ডৰ মুকলি
কৰ’ণাতংকৰ মাজতে বিশেষকৈ দলিতসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বলিউডৰ অভিনেতা চলমান খানৰ প্ৰচেষ্টা ৷ টুইটাৰযোগে সৌন্দৰ্যবৰ্ধন আৰু ব্যক্তিগত যতনৰ বাবে তেওঁ ‘FRSH’ নামৰ এক নতুন চেনিটাইজাৰ ব্ৰেণ্ডৰ মুকলি কৰে, য’ত স্বচ্ছতাৰ মহত্ব সম্পৰ্কে ব্যক্ত কৰে অভিনেতা চলমান খানে ৷
![বলিউডৰ ভাইজান চলমান খানৰ নতুন ছেনিটাইজাৰ মুকলি চলমান খানৰ নতুন চেনিটাইজাৰ মুকলি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7337391-293-7337391-1590387307051.jpg)
চলমান খানৰ নতুন চেনিটাইজাৰ মুকলি
বিশেষকৈ দলিতসকলৰ বাবে ‘FRSH’ নামৰ এক নতুন ছেনিটাইজাৰৰ মুকলি কৰি এই সময়ছোৱাত ছেনিটাইজেশ্যন অত্যন্ত আৱশ্যকীয় হৈ পৰিছে বুলি সজাগ কৰে অভিনেতাগৰাকীয়ে ৷ চলমান খানে জানিবলৈ দিয়ে যে, পূৰ্বে তেওঁ ডিঅ’ড্ৰেণ্ট মুকলি কৰাৰ পৰিকল্পনা কৰিছিল যদিও সাম্প্ৰতিক পৰিস্থিতিত ছেনিটাইজাৰ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ ভিডিঅ’টিৰ অন্তত দেশবাসীক পবিত্ৰ ঈদৰ শুভেচ্ছা জনাই সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় অভিনেতা চলমানে খানে ৷