অসম

assam

By

Published : Dec 29, 2020, 6:13 PM IST

ETV Bharat / sitara

সুৰজ বৰ্জাত্যৰ আগন্তুক ছবিত অভিনয় কৰিব অমিতাভ বচ্চনে

সুৰজ বৰ্জাত্যৰ সৈতে কাম কৰাৰ পৰিকল্পনা কৰিছে মেগাষ্টাৰ অমিতাভ বচ্চনে । ২০২১ চনত দৃশ্যগ্ৰহণ আৰম্ভ হ'ব ছবিখনৰ ।

সুৰজ বৰ্জাত্যৰ আগন্তুক ছবিত অভিনয় কৰিব অমিতাভ বচ্চনে
সুৰজ বৰ্জাত্যৰ আগন্তুক ছবিত অভিনয় কৰিব অমিতাভ বচ্চনে

চিটাৰা ডেস্ক, ২৯ ডিচেম্বৰ: ছবি নিৰ্মাতা সুৰজ বৰ্জাত্যৰ আগন্তুক ছবিত অভিনয় কৰিব অমিতাভ বচ্চনে । বৰ্তমান জনপ্ৰিয় কুইজ শ্ব' কৌন বনেগা ক্ৰৌড়পতিৰ ১২ সংখ্যক সংস্কৰণৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে বিগ বি । ২০২১ চনৰ আৰম্ভণিতে সুৰজ বৰ্জাত্যৰ আগন্তুক ছবিৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব অমিতাভ বচ্চনে ।

অজয় দেৱগণ নিৰ্দেশিত "মে' দে" তো অভিনয় কৰিব বিগ বিয়ে । সুৰজ বৰ্জাত্যৰ আগন্তুক ছবিত অমিতাভ বচ্চনৰ চৰিত্ৰৰ বিষয়ে এতিয়ালৈকে অধিক জানিব পৰা হোৱা নাই যদিও এক সূত্ৰই প্ৰকাশ কৰা তথ্য মতে, এগৰাকী পিতৃৰ চৰিত্ৰ ৰূপায়ণ কৰিব বিগ বিয়ে । সুৰজ বৰ্জাত্যই ২০২২ চনত কাম আৰম্ভ হ'বলগীয়া তেওঁৰ এখন ৰোমাণ্টিক ছবিৰ বাবে ছলমান খানক চুক্তিবদ্ধ কৰাইছে ।

চলিত বৰ্ষৰ আৰম্ভণিতে সুৰজে কৈছিল যে, অহা বছৰ তেওঁ ছলমানৰ সৈতে কাম কৰিব । আনহাতে বিগ বিয়ে অভিনয় কৰিবলগীয়া সুৰজ বৰ্জাত্যৰ ছবিখনৰ শিৰোনাম এতিয়াও নিশ্চিত কৰা হোৱা নাই । বিগ বিয়ে বৰ্জাত্যৰ ছবিৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ পূৰ্বে চেহৰে, নাগৰাজ মঞ্জুলৰ ঝুন্দ, আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত্ৰ আৰু প্ৰভাস আৰু দিপীকা পাডুকণৰ সৈতে আন এখন ছবিত অভিনয় কৰিব ।

লগতে পঢ়ক:পত্নী টুইংকলক মৰম লগা পংক্তিৰে জন্মদিনৰ শুভেচ্ছা অক্ষয় কুমাৰৰ

ABOUT THE AUTHOR

...view details