নেশ্যনেল ডেস্ক, 31 অক্টোবৰ: মেগাষ্টাৰ অমিতাভ বচ্ছনে শনিবাৰে নিজক ভাল পোৱাক লৈ নিজৰ অনুৰাগী সকলৰ বাবে এক প্ৰেৰণাদায়ক অনুভৱ ব্যক্ত কৰে ৷ সপ্তাহৰ শেষৰ অনুভৱ ব্যক্ত কৰি তেওঁ সকলোকে সেইবিলাক কাম কৰিবলৈ কয় যিয়ে এজন মানুহক সুখী কৰি তোলে ৷ তেওঁ কয় যে প্ৰত্যেকেই ৰাতিপুৱাই মুখামুখি হ'ব লগা একমাত্ৰ মানুহজন হৈছে নিজেই ৷
নিজক ভালপোৱা সম্পৰ্কে কেনে ধাৰণা বিগ-বিৰ ? - big b pens down his thoughts on self love
টুইটাৰত সক্ৰিয় বলিউদ তাৰকা সকলৰ ভিতৰত অন্যতম বিগ বি অমিতাভ বচ্ছনে নিজক ভাল পোৱাক লৈ নিজৰ অনুভৱ প্ৰকাশ কৰিছে ৷ নিজৰ এখন ফটোৰে সৈতে আত্ম-প্ৰেমক লৈ টুইটাৰত অভিনেতা গৰাকীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰিছে ৷
![নিজক ভালপোৱা সম্পৰ্কে কেনে ধাৰণা বিগ-বিৰ ? আত্ম-প্ৰেমক লৈ বিগ-বিৰ অনুভৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9379142-935-9379142-1604152254569.jpg)
আত্ম-প্ৰেমক লৈ বিগ-বিৰ অনুভৱ
78 বৰ্ষীয় অভিনেতা গৰাকীয়ে টুইটাৰত নিজৰে এখন ফটোৰে সৈতে আত্ম প্ৰেমক লৈ তেওঁৰ চিন্তা তথা অনুভৱ ব্যক্ত কৰে ৷ টুইটাৰত তেওঁ লিখিছে , "Only person you have to face in the morning is yourself. When younger, feels like you have to please entire world," ৷ তেওঁ লগতে লিখে, "No. Do what makes you happy, create life you want to live for. You'll see someone you truly love staring back at you every morning if you can do that," ৷
লগতে পঢ়ক:'লোপ লপেটা'ৰ শ্বুটিঙলৈ অধিৰ আগ্ৰহেৰে ৰৈছে তাহিৰ ৰাজ ভাছিন