চিটাৰা ডেস্ক, ১ মাৰ্চ: লক্ষ্ণৌৰ গোমতি নগৰ আৰক্ষী থানাত কেইবাগৰাকীমান ইউ টিউবাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভোজপুৰী ছবিৰ অভিনেতা পৱন সিঙে । অভিনেতাগৰাকীৰ অভিযোগ মতে, আপত্তিজনক ভিডিঅ' শ্বেয়াৰ কৰি ইউ টিউবাৰ কেইগৰাকীয়ে তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা কৰিছে । বিহাৰৰ ভোজপুৰৰ বাসিন্দা পৱন সিঙে দৃশ্যগ্ৰহণৰ কাম কৰি থকা বাবে যোৱা ২০ ফেব্ৰুৱাৰীৰ পৰা লক্ষ্ণৌতে আছে ।
এই সময়তে তেওঁৰ এগৰাকী বন্ধুৱে ইউ টিউবত আপত্তিজনক ভিডিঅ' আপলোড হোৱাৰ কথা তেওঁক জনাইছিল । তেওঁ ভিডিঅ'বোৰ চাই দেখে যে, সুমিত দ্বিবেদীসহ কেইজনমান ইউ টিউবাৰে ভোজপুৰী অভিনেতাগৰাকীৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ' আপলোড কৰিছে । এনে ভিডিঅ'ই জীৱনলৈ ভাবুকি আনিছে বুলিও অভিযোগ উত্থাপন কৰিছে পৱন সিঙে ।