অসম

assam

ETV Bharat / sitara

উপৰাষ্ট্ৰপতি ভেংকেয়া নায়ডুৰ বাবে "বাটলা হাউচ"ৰ বিশেষ দৰ্শনী - জন আব্ৰাহম

জন আব্ৰাহম অভিনীত থ্ৰিলাৰ ছবি "বাটলা হাউচ" চোৱাৰ পিছত টুইটাৰত এখন ফটোৰ সৈতে চিনেমাখনৰ বিষয়ে প্ৰকাশ কৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে

ভেংকেয়া নায়ডুৰ বাবে "বাটলা হাউচ"ৰ বিশেষ দৰ্শনী

By

Published : Aug 4, 2019, 10:54 AM IST

নতুন দিল্লী,4 আগষ্টঃ মুক্তিৰ পূৰ্বেই খুবেই চৰ্চিত হৈ পৰিছে জন আব্ৰাহম অভিনীত থ্ৰিলাৰ ছবি"বাটলা হাউচ" ৷ শনিবাৰে নতুন দিল্লীত উপৰাষ্ট্ৰপতি ভেংকেয়া নায়ডুৰ বাবে এই থ্ৰিলাৰ চলচ্চিত্ৰখনৰ বিশেষ দৰ্শনী ৰখা হয় ৷

"বাটলা হাউচ"ৰ বিশেষ দৰ্শনী
চলচ্চিত্ৰখন চোৱাৰ পিছত উপৰাষ্ট্ৰপতিয়ে গৰাকীয়ে তেঁও ছবিখনৰ কলা-কুশলীৰ সৈতে উঠা এখন ফটোৰ সৈতে ছবিখনৰ বিষয়ে টুইট কৰে ৷ ছবিখনৰ মুখ্য অভিনেতা জন আব্ৰাহমেও এই সন্দৰ্ভত নিজৰ টুইটাৰযোগে টুইট প্ৰকাশ কৰে ৷
"বাটলা হাউচ"ৰ বিশেষ দৰ্শনী

শনিবাৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে চলচ্চিত্ৰখনৰ প্ৰযোজক নিখিল আদৱানীৰ লগতে অভিনেতা জন আব্ৰাহম, অভিনেত্ৰী ম্ৰুণাল ঠাকুৰৰ সহিতে বাটলা হাউচৰ বহু কেইজন কলা-কুশলীক সাক্ষাৎ কৰে৷

ভেংকেয়া নায়ডুৰ বাবে "বাটলা হাউচ"ৰ বিশেষ দৰ্শনী

ABOUT THE AUTHOR

...view details