অসম

assam

By

Published : Aug 21, 2019, 4:14 PM IST

ETV Bharat / sitara

50কোটিৰো অধিক অৰ্জন জন আব্ৰাহম অভিনীত ছবি 'বাটলা হাউচ'ৰ

মুক্তিৰ এসপ্তাহৰ পাছতে বাটলা হাউচে বক্স অফিচত অৰ্জন কৰে 57.82 কোটি টকা

বাটলা হাউচ

নিউজ ডেক্স,21 আগষ্টঃজন আব্ৰাহমৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি বাটলা হাউচে এসপ্তাহৰ ভিতৰত অৰ্জন কৰিলে 50 কোটিৰো অধিক টকা ৷ চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শই প্ৰকাশ কৰা অনুসৰি ,বৰ্তমানলৈকে চলচ্চিত্ৰখনৰ মুঠ অৰ্জন 57.82 কোটি টকা ৷ ছবিখনে বিশেষকৈ দিল্লী আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন অংশত ভাল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ নিখিল আদৱানীৰ প্ৰযোজিত এই ছবিখন 2008 চনৰ 19 ছেপ্তেম্বৰত বাটলা হাউচত সংঘটিত হোৱা এনকাউন্টাৰটোৰ পৰাই অনুপ্ৰাণিত ৷ অৰ্থাৎ অপাৰেচন বাটলা হাউচক কেন্দ্ৰ কৰিয়েই নিৰ্মিত হৈছে এই বিশেষ থ্ৰিলাৰ ছবিখন ৷

বাটলা হাউচ

ABOUT THE AUTHOR

...view details