19 এপ্ৰিল, এণ্টাৰটেইনমেণ্ট ডেস্কঃ বক্স অফিচত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অভিষেক বৰ্মনৰ পৰিচালনাত নিৰ্মিত ছবি কলংকে ৷ মুক্তিৰ প্ৰথমটো দিনতে ছবিখনে অৰ্জন কৰে 21.60 কোটি ৷ কলংকৰ সমসাময়িকভাৱে মুক্তি লাভ কৰা ছবি কেশৰি, গলি বয় আৰু টোটেল ধামালৰ তুলনাত ছবিগৃহত অধিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে৷ বক্স অফিচত ভাল ফলাফল লাভ কৰাৰ লগতে মুক্তিৰ প্ৰথমটো দিনত অধিক টকা অৰ্জন কৰা বৰুণ ধাৱন আৰু আলিয়া ভাট অভিনীত প্ৰথমখন শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হৈছে কলংক ৷ তদুপৰি, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো মুক্তিৰ প্ৰথমটো দিনত 5.14 কোটি অৰ্জন কৰে ছবিখনে৷
মুক্তিৰ প্ৰথমটো দিনতে 21.60 কোটি অৰ্জনেৰে অভিলেখ কলংকৰ - আদিত্য ৰায় কাপুৰ,
মুক্তিৰ এদিনত অধিক টকা অৰ্জন কৰা বৰুণ ধাৱন আৰু আলিয়া ভাট অভিনীত প্ৰথমখন শ্ৰেষ্ঠ ছবি হৈছে কলংক ৷ ছবিখনে মুক্তিৰ প্ৰথমটো দিনত ৰাষ্ট্ৰীয় পৰ্যায়ত 21.60 কোটি অৰ্জন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্জন কৰে 5.14 কোটি৷
উল্লেখ্য যে, অক্ষয় কুমাৰ আৰু পৰিণীতি চোপ্ৰা অভিনীত ছবি কেশৰিয়ে মুক্তিৰ প্ৰথমটো দিনত 21.06 কোটি অৰ্জন কৰাৰ বিপৰিতে ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত ছবি গলি বয়ে প্ৰথমটো দিনত অৰ্জন কৰিছিল 19.40 কোটি ৷ সমান্তৰালভাৱে, দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা হাস্য ৰসাত্মক ছবি টোটেল ধামালে বক্স অফিচত মুক্তিৰ প্ৰথমটো 16.50 কোটি অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷
ধৰ্ম প্ৰডাকশ্বনৰ বেনাৰত নিৰ্মিত ছবি কলংকৰ প্ৰযোজনা কৰিছে কৰণ জোহৰ, ছাজিদ নাডিয়াৱালা, হিৰু য়ছ জোহৰ আৰু অপূৰ্ব মেহেতাই ৷ আলিয়া ভাট আৰু বৰুণ ধাৱনৰ লগতে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মাধুৰী দীক্ষিত, সঞ্জয় দত্ত, সোণাক্ষী সিনহা আৰু আদিত্য ৰায় কাপুৰে৷ ভাৰত বিভাজনৰ সময়ৰ এটি প্ৰেম কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন। শুকুৰবাৰে দেশৰ 4,000 টা ছবিগৃহৰ লগতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত 1,300 টা ছবিগৃহত মুক্তি পাইছে কলংক৷