চিটাৰা ডেস্ক, 4 ছেপ্তেম্বৰ :বলীউডৰ পূৰ্ণাংগ ছবি পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু এগৰাকী অসমীয়া যুৱক ৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 'এৱেকেনিংচ্' আৰু 'দ্য ব্লেক কেট' নামৰ দুখন ভৌতিক-ফেণ্টাচী চুটি ছবিৰ জৰিয়তে পৰিচালক হিচাপে বিপুল সঁহাৰি লাভ কৰা পছত এইবাৰ পূৰ্ণ দৈৰ্ঘৰ ছবি পৰিচালক হিচাপে নিজকে পৰিচিত কৰিবলৈ সাজু হৈছে তেওঁ ৷
'বোক্সী' নামৰ এখন পূৰ্ণ দৈঘ্যৰ হিন্দী ভৌতিক-ফেণ্টাচী ছবিৰ পৰিচালনা কৰিব বিশ্বনাথৰ যুৱক ভাৰ্গৱ শইকীয়াই ৷ ভাৰ্গৱৰ ঘৰ বিশ্বনাথ চাৰিআলিত ৷ ছবিখনৰ কাম 23 ছেপ্তেম্বৰৰ পৰা দাৰ্জিলিং আৰু ছিকিমৰ অভয়াৰণ্যত আৰম্ভ হ’ব ৷ ভাৰ্গৱে পৰিচালনা কৰা ছবিখনত অভিনয় কৰিব 'পৰী', 'কৰখ' আৰু 'নেটফ্লিক্স-বি বি চিৰ 'A Suitable Boy' চিৰিজত অভিনয় কৰি খ্যাতি অৰ্জন কৰা অভিনেত্ৰী মানসী মুলতানী ৷