বক্স অফিছত খলকনি তুলিবলৈ সাজু "ৰত্নাকৰ" ছবি - barsh rani
ৰন্তাকৰ ছবিৰ 'ৰাতি ৰাতি' শীৰ্ষক গীতটোৰ শনিবাৰে টীজাৰ মুকলি হয় যদিও সম্পূৰ্ণ গীতটো মুক্তি লাভ কৰিব 3 আগষ্টত ৷ ইতিমধ্যে ৰত্নাকৰ ছবিখনৰ টীজাৰ আৰু গীত সমূহে লাভ কৰিছে আশাপ্ৰদ সঁহাৰি ৷
গুৱাহাটী, 28 জুলাইঃ আকৌ এবাৰ ছবিৰ জৰিয়তে দৰ্শকৰ হৃদয়ত স্থান ল’ব বিচাৰিছে অভিনেতা যতীন বৰাই। ৰত্নাকৰ ছবিৰে আকৌ এবাৰ নতুন ৰূপত ৰূপালী পৰ্দাত ভুমুকি মাৰিব অভিনেতা জনে। ইতিমধ্যে ৰত্নাকৰ ছবিখনৰ টীজাৰ আৰু গীত সমূহে লাভ কৰিছে আশাপ্ৰদ সঁহাৰি। ছবিখনত দৰ্শকে উপভোগ কৰিবলৈ পাব একচন, ৰোমাঞ্চৰ লগতে বিভিন্ন স্থানত হোৱা দৃশ্য গ্ৰহণৰ মোহময়ী দৃশ্য । দৰ্শকক আমোদ দিব পৰা কৈ ছবিখনৰ চলিছে সকলো কামকাজ ৷ অলপতে ছবি খনৰ 'ৰাতি ৰাতি' শীৰ্ষক গানটিৰ দৃশ্য গ্ৰহণ হৈ যায় লাডাখৰ পেংয়ং ছু হ্ৰদ, নোব্ৰা ভেলি, খাৰডোং লা,লেহত । 'ৰাতি ৰাতি' শীৰ্ষক গীতটোৰ শনিবাৰে টীজাৰ মুকলি হয় যদিও সম্পূৰ্ণ গীতটো মুক্তি লাভ কৰিব 3 আগষ্টত । জুবিন গাৰ্গৰ কণ্ঠত বৰষা ৰাণী আৰু যতীন বৰাৰ অভিনয়ত প্ৰথমবাৰৰ অসমীয়া গীত লাডাখত শ্বুটিং কৰা হয় । যতীন বৰাও এতিয়া আশাবাদী নিজে পৰিচালনা কৰা বহু চৰ্চিত ছবিখনক লৈ। ছবিখনৰ টীজাৰত দেখা অত্যাধুনিক একচনৰ দৃশ্য আৰু বিভিন্ন মনোমোহা লোকেচনে এতিয়া ছবিখনৰ প্ৰতি উৎকণ্ঠা বৃদ্ধি কৰিছে দৰ্শকৰ। ছবি খনক লৈ আশাবাদী যতীন বৰাৰ লগতে ছবি খনৰ প্ৰযোজক তথা যতীন বৰাৰ সহধৰ্মিনী নৱনিতা শৰ্মা ।