চিটাৰা ডেস্ক,18 অক্টোবৰঃ বক্স অফিচত হিট ৰত্নাকৰ ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যতীন বৰা তথা ৰত্নাকৰৰ পৰিয়ালে ছবিখনৰ প্ৰচাৰ চলোৱাৰ পিছত ছবিখন চাবৰ বাবে হিলদল ভাঙি ওলাই আহিছে অসমীয়া ৰাইজ ৷ ইতিমধ্যে ৰত্নাকৰে কাঞ্চনজংঘাৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ৷ ৰত্নাকৰৰ প্ৰথম সপ্তাহত বক্স অফিচত অৰ্জন 3.31 কোটি টকা ৷ উল্লেখযোগ্য যে,বক্স অফিচত কাঞ্চনজংঘাৰ প্ৰথম সপ্তাহত উপাৰ্জন হৈছিল 2.89 কোটি টকা ৷ ইফালে আজিৰে পৰা সৰ্বমুঠ 199 টা দৰ্শনীৰে আৰম্ভণি হৈছে ৰত্নাকৰৰ দ্বিতীয়টো সপ্তাহ ৷
প্ৰথমটো সপ্তাহত ৰত্নাকৰৰ উপাৰ্জন 3.31 কোটি টকা
199 টা দৰ্শনীৰে আৰম্ভ ৰত্নাকৰৰ দ্বিতীয়টো সপ্তাহ ৷
প্ৰথমটো সপ্তাহত ৰত্নাকৰৰ উপাৰ্জন
তলত ৰত্নাকৰৰ দৈনিক উপাৰ্জনৰ হিচাপ দাঙি ধৰা হ'লঃ
ৰত্নাকৰৰ প্ৰথমটোদিনৰ উপাৰ্জনঃ 41 লাখ টকা
দ্বিতীয়টো দিনৰ উপাৰ্জনঃ49.5 লাখ টকা
তৃতীয়টো দিনৰ উপাৰ্জনঃ 55 লাখ টকা
চতুৰ্থটো দিনৰ উপাৰ্জনঃ 43 লাখ টকা
পঞ্চমটো দিনৰ উপাৰ্জনঃ 45 লাখ টকা
ষষ্ঠটো দিনৰ উপাৰ্জনঃ 42 লাখ টকা
সপ্তমটো দিনৰ উপাৰ্জনঃ43.5 লাখ টকা