অসম

assam

ETV Bharat / sitara

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত ‘ব্ৰীজ’ - অসমীয়া পূৰ্ণদৈৰ্ঘৰ ছবি ‘ব্ৰীজ’

নতুন অসমীয়া পূৰ্ণদৈৰ্ঘৰ ছবি ‘ব্ৰীজ’ তিনিটাকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত ৷ আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া Southeast Regional film festival, লণ্ডনৰ দুটাকৈ চলচ্চিত্ৰ মহোৎসৱ Pinewood Studios Light-of Film festival আৰু First Fimefilmmaker Session, 2020ত নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে ছবিখনে ৷

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত ‘ব্ৰীজ’
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত ‘ব্ৰীজ’

By

Published : May 28, 2020, 7:06 PM IST

চিটাৰা ডেস্ক, 28 মে’: কৰ’ণাতংকৰ মাজতে অসমীয়া ছবিজগতে কঢ়িয়াই আনিছে সুখৰ বতৰা ৷ নতুন অসমীয়া পূৰ্ণদৈৰ্ঘৰ ছবি ‘ব্ৰীজ’-এ একেলগে তিনিটাকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত হ’বলৈ সক্ষম হৈছে ৷ আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া Southeast Regional film festival, লণ্ডনৰ দুটাকৈ চলচ্চিত্ৰ মহোৎসৱ Pinewood Studios Light-of Film festival আৰু First Fimefilmmaker Session, 2020ত ইতিমধ্যে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে অসমীয়া ছবি ‘ব্ৰীজ’-এ ৷

কৃপাল কলিতাৰ পৰিচালনাৰে ছবিখন সম্পূৰ্ণৰূপে নৈপৰীয়া গাঁও এখনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হয় ৷ ‘ভিলেজ ৰকষ্টাৰ’ৰ লেখীয়াকৈ ‘ব্ৰীজ’তো সহজ-সৰহ গাঁৱলীয়া পৰিৱেশ কেন্দ্ৰীভূত হৈ আছে ৷ এখন ভগা দলঙে কেনেকৈ গাঁৱলীয়াৰ জীৱনলৈ কাল ধুমুহা নমাই আনে আৰু গাঁৱৰ কিশোৰী এগৰাকীৰ নিজৰ পৰিয়ালৰ প্ৰতি কৰা সংগ্ৰামৰ প্ৰতিটো দিশ স্পষ্টৰূপত ফুটি উঠিছে এই ছবিখনৰ মাজেৰে ৷ ইয়াৰোপৰি,ছবিখনৰ মাজেৰে নৈখনক লৈ গাঁৱৰ মানুহখিনিৰ দুৰ্বাৰ মৰম আৰু আবেগৰ ভাৱো ফুটি উঠিছে ৷

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত ‘ব্ৰীজ’

বাস্তৱ ঘটনা অসমৰ বানপানীৰ ওপৰত আধাৰিত ‘ব্ৰীজ’ ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ ছবিখনৰ পৰিচালক কৃপাল কলিতাৰ ৷ ‘কৃষ্টিপথাৰ’ৰ বেনাৰত নিৰ্মিত ছবিখন যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে ৰাম কুমাৰ দাস আৰু সবিতা দেৱীয়ে ৷ ছবিখনত অভিনয় কৰিছে পাৰ্থ প্ৰতীম বৰা, শিৱ ৰাণী কলিতা, অনিন্দিতা দাস, স্বপ্নীল নাথ, কৃপাল কলিতা, গোপামনি গগৈ, ৰীণা বৰা, সুৰেণ মহন্ত, অজিত কুমাৰ ভূঞা, ভূপেন শৰ্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শৰ্মা, প্ৰিয়ান্সী কাশ্যপ ,শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী, দ্বিপেন চুতীয়া, দীপশিখা শইকীয়া আদি উদীয়মান অসমীয়া অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে পঢ়ক: "চিনে এণ্ড টিভি আৰ্টিষ্ট এশ্ব'চিয়েছন"লৈ 45 লাখ টকাৰ আৰ্থিক অনুদান অক্ষয় কুমাৰৰ

ABOUT THE AUTHOR

...view details