চিটাৰা ডেস্ক, 10 নৱেম্বৰ : অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে এক সুখবৰ ৷ ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ(International Film Festival)লৈ মনোনীত হোৱা পূৰ্ণদৈৰ্ঘৰ অসমীয়া ছবি ‘ব্ৰিজ’(Bridge)য়ে শেহতীয়াকৈ লাভ কৰিছে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান ৷
কৃপাল কলিতা(Kripal Kalita)ৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে 5-9 নৱেম্বৰলৈ ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’ছি(Sochi)ত অনুষ্ঠিত 6 সংখ্যক Russian-British Sochi International Film Festival and Awards (SIFFA)ত দুটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ ছবিখনৰ বাবে পৰিচালক কৃপাল কলিতাই ‘শ্ৰেষ্ঠ নৱাগত পৰিচালক’ আৰু শিৱা ৰাণী কলিতা(Siba Rani Kalita)ই ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ সন্মান লাভ কৰে ৷
আনহাতে, Ottawa Indian Film Festival Awards(OIFFA-2021)তো শিৱা ৰাণী কলিতাই ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি ছবিখনক অনন্য মাত্ৰা প্ৰদান কৰিছে । সুদুৰ অ’টোৱাৰ পৰা ডাকযোগে অসমলৈ আহি পাইছে এই বঁটা ৷ ইয়াৰোপৰি শিৱা ৰাণীয়ে Indian film Festival of Cincinnati-2021তো ছবিখনৰ বাবে লাভ কৰিছে ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ আন্তঃৰাষ্ট্ৰীয় সন্মান ৷
চলিত বৰ্ষৰ জানুৱাৰী মাহত গোৱাত অনুষ্ঠিত হোৱা 51 সংখ্যক International Film Festival of India (IFFI)ত বঁটা লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হৈছে ব্ৰিজ ৷ শেহতীয়াকৈ ব্ৰিজে অস্কাৰ(Oscar)ৰ সাম্ভাব্য তালিকাতো স্থান লাভ কৰিবলৈ সক্ষম হয় । এয়া অসমৰ লগতে ভাৰতবাসীৰ বাবে এক গৌৰৱৰ বিষয় ৷ প্ৰায় 12 খন চলচ্চিত্ৰই এই তালিকাত স্থান লাভ কৰিছে ৷