অসম

assam

By

Published : Oct 17, 2019, 1:55 PM IST

ETV Bharat / sitara

এইবাৰ ছবিগৃহত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত ছবি 'আমিষ'

22 নৱেম্বৰত অসমৰ লগতে সমগ্ৰ ভাৰতত মুক্তি পাব ভাস্কৰ হাজৰিকাৰ দ্বাৰা পৰিচালিত ছবি 'আমিষ'

ভাস্কৰ হাজৰিকাৰ আমিষ

চিটাৰা ডেস্ক,17 অক্টোবৰঃঅসমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে সুখবৰ ৷ বিগত দিনকেইটাত মুক্তি পাইছে এখনৰ পিছত আনখন অসমীয়া সফল ছবি ৷ শেহতীয়াকৈ প্ৰসিদ্ধ বলীউড ছবি নিৰ্মাতা তথা নিৰ্দেশক অনুৰাগ কাশ্যপে প্ৰকাশ কৰে যে, 22 নৱেম্বৰত মুক্তি পাব ভাস্কৰ হাজৰিকাৰ আমিষ চলচ্চিত্ৰই ৷

অসমীয়া নতুন ছবি আমিষ

উল্লেখ্য যে, ছিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই আমিষ চলচ্চিত্ৰখনে দুটাকৈ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল ৷ চলচ্চিত্ৰখন নিউয়ৰ্কত অনুষ্ঠিত 'ই ত্ৰিবেকা ফিল্ম ফেষ্টিভেল'তো প্ৰদৰ্শিত হৈছিল ৷ ইয়াৰোপৰি 'ছিংগাপুৰ চাউথ এছিয়ান ফিল্ম ফেষ্টিভেল'ত ভাস্কৰ হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ পৰিচালকৰ সন্মান ইফালে ছবিখনৰ অভিনেত্ৰী লিমা দাসে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে লিমা দাস,অৰ্ঘদ্বীপ বৰুৱাৰ লগতে সহায়কাৰী চৰিত্ৰত অভিনয় কৰিছে নিতালী দাস, সাগৰ সৌৰভ আৰু মানস কে দাসে ৷ অনুৰাগ কাশ্যপে ছবিখনৰ প্ৰচাৰ চলোৱা সন্দৰ্ভত ভাস্কৰ হাজৰিকাই কয় যে, " অনুৰাগ কাশ্যপে ছবিখনৰ প্ৰদৰ্শন কৰাটোৱে আমাৰ দলৰ লোকসকলৰ সপোন বাস্তৱত ৰূপায়িত কৰিলে ৷"

অসমীয়া নতুন ছবি আমিষ
ভাস্কৰ হাজৰিকাৰ আমিষ

ABOUT THE AUTHOR

...view details