অসম

assam

ETV Bharat / sitara

মিৰ্জাত গীত পৰিৱেশনৰ মাজতে আউল লাগিল জুবিন গাৰ্গৰ !

মঙলবাৰে নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত পয়মাল লাগিল ৷ হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত গীত পৰিৱেশন কৰি থকাৰ মাজতে কেবাবাৰো ভুল কৰিলে জুবিন গাৰ্গে ৷ বাৰে বাৰে নিজৰেই গান ভুলকৈ গালে জুবিনে ৷ তাৰ মাজতে দৰ্শকৰ হৰ্ষোল্লাষ ৷

প্ৰতিঘাতত জুবিন গাৰ্গ

By

Published : Nov 6, 2019, 3:16 PM IST

দক্ষিণ কামৰূপ,6 নৱেম্বৰঃমঙলবাৰে নিশা মিৰ্জাস্থিত নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউচনত গীত পৰিৱেশন কৰিলে জুবিন গাৰ্গে ৷ প্ৰিয় কন্ঠশিল্পী গৰাকীক চাবলৈ ভিৰ কৰে বহুতো লোকে। সমাগম ঘটে বহুতো যুৱক-যুৱতীৰ ৷ সকলোৱে মোবাইলত আবদ্ধ কৰি ৰাখিছে জুবিন গাৰ্গৰ গীত পৰিৱেশনৰ দৃশ্য ৷ কিন্তু গীত পৰিৱেশনৰ মাজতে থমকি ৰৈছে জুবিন গাৰ্গ ৷ গীতৰ মাজত ভুল হৈছে জনপ্ৰিয় সংগীত শিল্পী গৰাকীৰ ৷ পিছে এয়া জুবিন গাৰ্গৰ কোনো পোনপটীয়া সংগীতৰ অনুষ্ঠান নহয় এয়া আছিল এটি গীতৰ দৃশ্যগ্ৰহণহে ৷ অহা ৬ ডিচেম্বৰত ছবি গৃহলৈ আহিবলগীয়া অসমীয়া ছবি 'প্ৰতিঘাত'ৰ শেষৰটো দৃশ্যগ্ৰহণ আছিল এয়া ।

প্ৰতিঘাতত জুবিন গাৰ্গৰ অভিনয়

অহা ৬ ডিচেম্বৰত আহিবলগীয়া ছবিখনৰ শেষৰটো দৃশ্যগ্ৰহণত উপস্থিত আছিল কৰিঅ'গ্ৰাফাৰ পংকজ ইংতি,পৰিচালক অচিন্ত্য শংকৰ,অভিনেত্ৰী অমৃতা গগৈৰ লগতে কলা-কুশলীসকল।ৰোমাঞ্চ,এক্সনৰে ভৰপূৰ ছবিখন প্ৰযোজনা কৰিছে নৰেন্দ্ৰ এন সিনহা,নলিনী ৰয়ে আৰু পৰিচালনা কৰিছে অচিন্ত্য শংকৰে । ছবিখনত অভিনয় কৰিছে অমৃতা গগৈ,দিগন্ত হাজৰিকা,আইমী বৰুৱা,সিদ্ধাৰ্থ শৰ্মা,পদ্মৰাগ গোস্বামী,বিষ্ণু খাৰঘৰীয়াকে ধৰি বহুকেইজন শিল্পীৰ লগতে শিশু শিল্পী আশ্ৰমিকা শইকীয়াই। এই দৃশ্যগ্ৰহণত অমৃতা গগৈও উপস্থিত থাকি সকলোকে প্ৰতিঘাত চাবলৈ অনুৰোধ জনায়। যি কি নহওক 'কাঞ্চনজংঘা', 'ৰত্নাকৰ'ৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ আহিবলগীয়া অসমীয়া ছবি প্ৰতিঘাতক অসমৰ দৰ্শকে কিমান সঁহাৰি জনাব সেয়া ৬ ডিচেম্বৰৰ পিছতহে জানিব পৰা যাব।

লগত চাওকঃ বেঁকীয়ে বেঁকা কৰিলে 300 পৰিয়ালৰ কঁকাল

ABOUT THE AUTHOR

...view details