অসম

assam

By

Published : Nov 20, 2020, 2:25 PM IST

ETV Bharat / sitara

অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’লৈ আন্তঃৰাষ্ট্ৰীয় বঁটা

শেহতীয়াকৈ মুক্তিলাভ কৰা অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’য়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় বঁটা ৷ কলকাতাৰ শান্তি নিকেতনত অনুষ্ঠিত হোৱা 17 সংখ্যক টেগোৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ কাহিনী চলচ্চিত্ৰ (Narrative Features) শিতানত ‘আউটষ্টেণ্ডিং এছিভমেণ্ট এৱাৰ্ড’ (Outstanding Achievement Award) লাভ কৰিছে ছবিখনে ৷ ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ৰাজেন দাসৰ ৷

অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’লৈ আন্তঃৰাষ্ট্ৰীয় বঁটা
অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’লৈ আন্তঃৰাষ্ট্ৰীয় বঁটা

পাঠশালা,20 নৱেম্বৰ : আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’য়ে ৷ ছবিখনৰ পৰিচালক ৰাজেন দাসে পুতলা নাচৰ শিল্পীলৈ অৰ্পন কৰিলে এই সন্মান ৷ বজালীৰ সন্তান ৰাজেন দাসক অভিনন্দন জনালে বজালীবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে ৷

কলকাতাৰ শান্তি নিকেতনত অনুষ্ঠিত হোৱা 17 সংখ্যক টেগোৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাজেন দাসৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালিত অসমীয়া চলচ্চিত্ৰ ‘লাইফ ইন এ পাপেট’য়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় সন্মান ৷ অসমৰ আপুৰুগীয়া বিলুপ্তপ্ৰায় লোকশিল্প ‘পুতলা নাচ’ৰ ওপৰত নিৰ্মাণ কৰা ছবিখনলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ কাহিনী চলচ্চিত্ৰ (Narrative Features) শিতানত ‘আউটষ্টেণ্ডিং এছিভমেণ্ট এৱাৰ্ড’ (Outstanding Achievement Award) ৷

অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’লৈ আন্তঃৰাষ্ট্ৰীয় বঁটা

এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত ‘লাইফ ইন এ পাপেট’ৰ লগতে একেই শাখাত কানাডা, আমেৰিকা, নৰৱে’, চীন, চুইডেন, ম্যানমাৰ আৰু ভাৰতীয় ছবিয়ে এই শিতানত স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ চলচ্চিত্ৰ মহোৎসৱ কৰ্তৃপক্ষই ৱেবচাইটযোগে পুৰস্কাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰে ৷

এই সন্দৰ্ভত পৰিচালক ৰাজেন দাসে এই সন্মান অসমৰ পুতলা নাচৰ শিল্পীসকললৈ অৰ্পণ কৰা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ বজালীৰ এক সাংস্কৃতিক গাঁও ভালুকীৰ নিৱাসী সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত ৰাজেন দাসক এই বিশ্বমুখী যাত্ৰালৈ অভিনন্দন জনাইছে বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে ৷

চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আশা বৰদলৈ, দ্বিপান্বিতা দাস আৰু ৰিয়েল লাইফৰ লগতে ৰিল লাইফৰ পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকাই ৷ ছবিখনে এই সন্মান লাভ কৰাৰ পাচতেই মহোৎসৱৰ সন্মানীয় বাৰ্ষিক ‘চান অৱ দ্য়া ইষ্ট’ (SUN OF THE EAST) বঁটাৰ বাবেও মনোনীত হৈছে ছবিখন ৷

লগতে পঢ়ক :মোৰ ছবিসমূহে দৰ্শকক চিন্তা কৰাৰ সুযোগ দিয়েঃ ভূমি পেডনেকাৰ

ABOUT THE AUTHOR

...view details