অসম

assam

ETV Bharat / sitara

অসমীয়া ছবিজগতৰ নতুন সংযোজন 'কানীন'

বিশিষ্ঠ উপন্যাসিক ৰীতা চৌধুৰীৰ এক গল্পৰ আধাৰত নিৰ্মিত ছবিখন শুকুৰবাৰে মুক্তি লাভ কৰিলে অসমৰ মুঠ সোতৰটা ছবিগৃহত

কানীন

By

Published : Mar 22, 2019, 3:59 PM IST

কানীন

গুৱাহাটী, 22 মাৰ্চঃ অসমীয়া ছবিজগতত নৱতম সংযোজন 'কানীন' নাম চলচ্চিত্ৰৰ৷ বিশিষ্ঠ উপন্যাসিক ৰীতা চৌধুৰীৰ এক গল্পৰ আধাৰত নিৰ্মিত ছবিখন শুকুৰবাৰে মুক্তি লাভ কৰিলে অসমৰ মুঠ সোতৰাটা ছবিগৃহত৷ জেবি প্ৰডাকচন বেনাৰত নিৰ্মাণ হোৱা ছবিখন নাৰীৰ মনস্পৰ্শী এক বিষয়ক লৈ প্ৰস্তুত কৰা হৈছে৷ ঘনশ্যাম কলিতা আৰু ৰৌণাতো হুছেইনে পৰিচালনা কৰা ছবিখন সময় 2 ঘণ্টা 15 মিনিট৷ ছবিখনত অভিনয় কৰিছে ডাঃ জাহানাৰা বেগম, পূৰ্ণিমা শইকীয়া পাঠক, মিণ্টু বাহাৰুল ইছলাম, পাৰ্থ হাজৰিকাকে ধৰি বহুকেইজন ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে৷ আনহাতে, ছবিখনত ছাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ,ৰেকৰ্ড মিক্সিং দেৱজিৎ চাংমাৰ আৰু সংগীত পৰিচালনা কৰিছে তৰালি শৰ্মাই । এক ব্যতিক্ৰমী চিন্তাধাৰাৰে নিৰ্মাণ কৰা এই ছবিখনে অসমীয়া ছবিজগতলৈ এক অন্য ধাৰা আনিব বুলি আশাবাদী ছবিখনৰ কলা-কুশলী৷

ABOUT THE AUTHOR

...view details