অসম

assam

ETV Bharat / sitara

সুদিন উভটিছে অসমীয়া ছবি জগতলৈ! - কাঞ্চনজংঘা,ৰত্নাকৰ

কাঞ্চনজংঘা,ৰত্নাকৰৰ সফলতাৰ পিচত এইবাৰ আন এখন অসমীয়া ছবি মুক্তিৰ পথত ৷ চমু চাপিছে 'ইপাৰ সিপাৰ'ৰ মুক্তিৰ দিন ৷

15 নৱেম্বৰত মুক্তি লাভ কৰিব 'ইপাৰ সিপাৰ'

By

Published : Nov 13, 2019, 12:51 PM IST

গুৱাহাটী,13 নৱেম্বৰ: অসমীয়া ছবি জগতৰ বাবে সুখবৰ ৷ কাঞ্চনজংঘা, ৰত্নাকৰৰ সফলতাৰ পিচত এইবাৰ আন এখন অসমীয়া ছবি মুক্তিৰপথত ৷ চমু চাপিছেবি এছ ক্ৰিয়েচনৰ উদ্যোগত নিৰ্মিত ছবি'ইপাৰ সিপাৰ'ৰ মুক্তিৰ দিন ৷ ইতিমধ্যে12 নৱেম্বৰত জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত ছবিখনৰ বিশেষ দর্শনী প্ৰদৰ্শন কৰা হয় ৷ সম্পূৰ্ণ গাঁৱৰ পটভূমিত নিৰ্মিত হৈছে 15 নৱেম্বৰত মুক্তি লাভ কৰিবলগীয়া ছবি'ইপাৰ সিপাৰ ৷' ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে উদয়ন দুৱৰাআৰু অমৃতা গগৈয়ে৷ ছবিখনৰ বিশেষ দর্শনীউপভোগ কৰি উৎফুল্লিতহৈছে দৰ্শক ৷ চহা গাঁৱৰ গোন্ধ থকা ছবিখনে দৰ্শকক আকৃষ্ট কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰিছে একাংশ দৰ্শকে ৷

মুক্তিৰ পথত নতুন অসমীয়া ছবি 'ইপাৰ সিপাৰ'

প্ৰণৱজ্যোতি ভৰালীৰপৰিচালনাৰে নিৰ্মিত ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত দেখা দিয়া আৰ্থিক অসুবিধাৰ বাবে সকলো স্থানতে কৰিব পৰা নাই যদিও,ইয়াৰকাহিনীয়ে অসমৰ দৰ্শকক আকৃষ্ট কৰিব বুলি যথেষ্ট আশাবাদীছবিখনৰ কলা কুশলীসকল ৷
পৰিচালকৰ মতে,বৰ্তমান নিৰ্মাণ হৈ থকা অথবা ছবি গৃহত ইতিপূৰ্বে চলি যোৱা ছবি সমূহতকৈ সম্পূৰ্ণ পৃথক হ'ব'ইপাৰ সিপাৰ |'

জ্যোতি চিত্ৰবনত বিশেষ দর্শনী প্ৰদৰ্শন 'ইপাৰ সিপাৰ'ৰ

15 নৱেম্বৰত অসমৰ দৰ্শকে 'ইপাৰ সিপাৰ' ছবিখন কেনেদৰে আদৰি লয় সেইয়া সময়তহে গম পোৱা যাব ৷

লগতে পঢ়ক:ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিশুকেন্দ্ৰিক অসমীয়া ছবি 'তৰা'ৰ বিষয়ে

ABOUT THE AUTHOR

...view details