চিটাৰা ডেস্ক, ২২ জানুৱাৰী: প্ৰকৃতি ধংস আৰু গড় হত্যাক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা অসমীয়া ছবি 'অৰ্জুন'ৰ প্ৰিমিয়াৰ শ্ব' বৃহস্পতিবাৰে নলবাৰী নাট্য মন্দিৰত প্ৰদৰ্শিত হয় । ছবিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জনপ্ৰিয় শিল্পী দীপলিনা ডেকাই । প্ৰিমিয়াৰ শ্ব'ৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত কৰা হয় । সভাত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা,ছবিখনৰ প্ৰযোজক গণেশ তামুলী,পৰিচালক ৰজনী বৰ্মন,অভিনেতা মৃদুল ভূঞা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা ।
নলবাৰীত 'অৰ্জুন' ছবিৰ প্ৰিমিয়াৰ শ্ব' প্ৰদৰ্শন - নলবাৰী নাট্য মন্দিৰ
নলবাৰী নাট্য মন্দিৰত প্ৰদৰ্শিত হ'ল অসমীয়া ছবি 'অৰ্জুন'ৰ প্ৰিমিয়াৰ শ্ব' । অনুষ্ঠানত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, ছবিখনৰ প্ৰযোজক গণেশ তামুলী,পৰিচালক ৰজনী বৰ্মন,অভিনেতা মৃদুল ভূঞা,জনপ্ৰিয় শিল্পী দীপলিনা ডেকা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা ।

নলবাৰী নাট্য মন্দিৰত প্ৰদৰ্শিত হ'ল অসমীয়া ছবি 'অৰ্জুন'ৰ প্ৰিমিয়াৰ শ্ব'
নলবাৰী নাট্য মন্দিৰত প্ৰদৰ্শিত হ'ল অসমীয়া ছবি 'অৰ্জুন'ৰ প্ৰিমিয়াৰ শ্ব'
বিশেষকৈ প্ৰকৃতিৰ ৰক্ষা কৰাৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে ছবিখন নিৰ্মাণ কৰা হৈছে । 'অৰ্জুন' নামৰ এটা হাতীয়ে কিদৰে বন সুৰক্ষা দিছে সেয়া নাটকীয় ৰূপত উপস্থাপন কৰা হৈছে । ছবিখনত অভিনেতা নিপন গোস্বামী,বিকিকে ধৰি,ন-পুৰণি কেইবাগৰাকীও অভিনেতাই অভিনয় কৰিছে । 'অৰ্জুন' ছবিখন সকলোৱে উপভোগ কৰাৰ লগতে দীপলিনা ডেকাৰ গীতে জীপাল কৰি তোলে অনুষ্ঠানটি ।
লগতে পঢ়ক:ৰাইজৰ দল আৰু AJPক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান বদৰুদ্দিনৰ