চিটাৰা ডেস্ক, 9 জানুৱাৰী:টুইটাৰত মেগাষ্টাৰ অমিতাভ বচ্চনৰ অনুৰাগীৰ সংখ্যাই শনিবাৰে 45 মিলিয়নৰ ঘৰ অতিক্ৰম কৰে ৷ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ লগতে টামব্লাৰতো নিজৰ ব্যক্তিগত ব্লগ থকা 78 বৰ্ষীয় তাৰকা গৰাকী টুইটাৰত সক্ৰিয় বলিউদৰ ব্যক্তি সকলৰ ভিতৰত এগৰাকী অন্যতম সক্ৰিয় তাৰকা ৷
শনিবাৰে অনুৰাগীৰ সংখ্যাই 45 মলিয়নৰ ঘৰ অতিক্ৰম কৰাৰ পাছতে অভিনেতা গৰাকীৰ এগৰাকী অনুৰাগীয়ে টুইটাৰত এখন পুৰণা কলা বগা ফটো পোষ্ট কৰি পূজ্য মা আৰু পূজ্য বাবুজীৰ আশীৰ্বাদত 45 মিলিয়ন আৰম্ভ হ'ল বুলি লিখি পোষ্ট কৰাৰ পাছতে ফটোখন তোলাৰ মুহূৰ্তটো স্মৰণ কৰি বচ্চনে কয় যে, উক্ত ফটোখনে বহু কিবা কিবি কয় যায় ৷ ফটো খন তোলাৰ মুহূৰ্তটো স্মৰণ কৰি বচ্চনে লিখে যে, "The picture says a lot more.. It's the moment I came home surviving death after the 'Coolie' accident... It's the first time ever I saw my father breaking down! A concerned little Abhishek looks on!"
1982 চনত বাংগালোৰত মনমোহন দেশাইৰ কুলি ছবি খনৰ দৃশ্যগ্ৰহণত ব্যস্ত থাকোতে অভিনেতা গৰাকী গুৰুতৰভাৱে দূৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ অভিনেতা গৰাকীয়ে প্ৰায়েই তেওঁৰ এই দুৰ্ঘটনাক নতুন জন্ম হিছাপে আখ্য দিয়া পৰিলক্ষিত হয় ৷