অসম

assam

ETV Bharat / sitara

পুনৰ অসুস্থ বিগ বি ! - নাগৰাজ পোপাতৰাও মঞ্জুলেৰ দ্বাৰা পৰিচালিত ছবি "ঝুণ্ড"

চলিত বছৰত বলীউডৰ মেগা তাৰকা অমিতাভ বচ্চনৰ কেইবাখনো ছবি মুক্তি পাব । তাৰ প্ৰাকক্ষণত অমিতাভ বচ্চনে সামাজিক মাধ্যমত এক অস্ত্ৰোপচাৰৰ ইংগিত দিয়ে । স্বাস্থ্যৰ উন্নতিৰ বাবে অনুৰাগীৰ প্ৰাৰ্থনা । অমিতাভ বচ্চনক ১৮ জুনত মুক্তি পাব লগা নাগৰাজ পোপাতৰাও মঞ্জুলেৰ দ্বাৰা পৰিচালিত ছবি "ঝুণ্ড"ত দেখা যাব ।

পুনৰ অসুস্থ বলীউডৰ বিগ বি !
পুনৰ অসুস্থ বিগ বি !

By

Published : Feb 28, 2021, 2:10 PM IST

চিটাৰা,২৮ ফেব্ৰুৱাৰী:বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ এটা পোষ্টক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত । শেহতীয়াকৈ অভিনেতাগৰাকী স্বাস্থ্য সম্পৰ্কীয় এক পোষ্ট শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলে সুস্বাস্থ্য কামনা কৰি সামাজিক মাধ্যমত বিভিন্ন পোষ্ট দিয়া পৰিলক্ষিত হৈছে । উল্লেখ্য যে অমিতাভ বচ্চনে চিকিৎসা অৱস্থা আৰু তেওঁৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন বুলি এটা পোষ্ট শ্বেয়াৰ কৰিছিল । অৱশ্যে ৰোগৰ বিষয়ে বা কি অস্ত্ৰোপচাৰ সেই সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই ৭৮ বছৰীয়া অভিনেতাগৰাকীয়ে । অভিনেতাগৰাকীৰ পোষ্টৰ পিছতে তেওঁৰ অজস্ৰ অনুৰাগীয়ে প্ৰাৰ্থনা জনাই কমেণ্ট কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে বিগত বছৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল অভিনেতাগৰাকী । তেওঁৰ লগতে পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যও ক'ভিড-১৯ ত আক্ৰান্ত হৈছিল । এখন ব্যক্তিগত হাস্পতালত চিকিৎসাৰ অন্তত তেওঁলোক সুস্থ হৈ ঘৰলৈ উভতিছিল ।

ইফালে শেহতীয়াকৈ অভিনেতাগৰাকীয়ে তেওঁৰ পৰিয়ালৰ সদস্য ক্ৰমে পত্নী জয়া বচ্চন, পুত্ৰ অভিষেক বচ্চন আৰু বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনৰ আগন্তুক পৰিকল্পনা সমূহৰ বিষয়ে শ্বেয়াৰ কৰিছিল । তেওঁ প্ৰকাশ কৰা মতে চলচ্চিত্ৰ নিৰ্মাতা বিকাশ বহলৰ পৰৱৰ্তী ছবি য'ত তেওঁ অভিনয় কৰিব, তাৰ দৃশ্য গ্ৰহণ শীঘ্ৰে আৰম্ভ হ'ব ।

শেষবাৰৰ বাবে বলীউডৰ তাৰকাগৰাকীক শ্বুজিৎ চিৰকাৰৰ "গুলাবো সীতাবো"ত দেখা গৈছিল । আনহাতে বলীউডৰ অত্যন্ত ব্যস্ত অভিনেতা হিচাপে চৰ্চিত অমিতাভ বচ্চনক অজয় দেৱগণৰ দ্বাৰা পৰিচালিত আৰু অভিনীত 'মে’ দে' শ্বুটিঙত দেখা গৈছিল । সমান্তৰালকৈ অমিতাভ বচ্চনক ১৮ জুনত মুক্তি পাব লগা নাগৰাজ পোপাতৰাও মঞ্জুলেৰ দ্বাৰা পৰিচালিত ছবি "ঝুণ্ড"ত দেখা যাব । আনহাতে তেওঁৰ আন এখন ছবি "চেহৰে" অহা ৩০ এপ্ৰিলত মুক্তি পাব ।

লগতে পঢ়ক:মই সদায় ইমৰাণৰ অনুৰাগী: জন আব্ৰাহাম

ABOUT THE AUTHOR

...view details