অসম

assam

ETV Bharat / sitara

আবেগিক হৈ পৰিছে অভিনেত্ৰী আলিয়া ভাট ! চ'ছিয়েল মিডিয়াযোগে লিখিছে আবেগিক বাৰ্তা !

প্ৰথমবাৰৰ বাবে পিতৃৰ নিদেৰ্শনাত নিৰ্মিত চলচ্চিত্ৰ চড়ক-২ ত অভিনয় কৰিব আলিয়া ভাটে । ইয়াকে লৈ আবেগিক হৈ পৰে অভিনেত্ৰীগৰাকী আৰু চ'ছিয়েল মিডিয়া যোগে প্ৰকাশ কৰে 'চড়ক-২'ৰ শ্বুটিঙ থলীৰ পৰা পিতৃৰ হাতত ক্লেপ বৰ্ডৰ ফটো ।

By

Published : May 19, 2019, 9:55 AM IST

আবেগিক হৈ পৰিছে অভিনেত্ৰী আলিয়া ভাট !

নিউজ ডেক্স,১৯ মে' : বি টাউনৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট সাজু হৈছে 'চড়ক ২' ৰ বাবে । শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে 'চড়ক-২ ' শ্বুটিঙ থলীৰ পৰা পিতৃ মহেশ ভাটে হাতত ক্লেপবৰ্ড লৈ থকা এখন ফটোৰ লগতে এক আবেগিক বিহ্বল বাৰ্তা প্ৰকাশ কৰে চ'ছিয়েল মিডিয়া যোগে ।

আবেগিক হৈ পৰিছে অভিনেত্ৰী আলিয়া ভাট !
উল্লেখ্য যে, আলিয়াই চ'ছিয়েল মিডিয়া যোগে ২০১৮ বৰ্ষৰ ছেপ্তেম্বৰ মাহতে ঘোষণা কৰিছিল যে প্ৰথমবাৰৰ বাবে পিতৃ মহেশ ভাটৰ সৈতে একেলগে কাম কৰিব । সম্প্ৰতি পিতৃৰ নিদেৰ্শনাত নিৰ্মিত চলচ্চিত্ৰ 'চড়ক-২' ৰ বাবে খুবেই উৎসাহিত হৈ উঠিছে জনপ্ৰিয় অভিনেত্ৰী গৰাকী । এই চলচ্চিত্ৰখনত সঞ্জয় দত্ত ,পূজা ভাট আৰু আদিত্য ৰয় কাপুৰৰ সৈতে অভিনয় কৰিব 'হাই-ৱে ' তাৰকা গৰাকীয়ে । অনুৰাগীৰ বহু প্ৰত্যাশিত এই ছবিখন মুক্তি পাব ২০২০ চনৰ ২৫ মাৰ্চ তাৰিখে ।

ABOUT THE AUTHOR

...view details