নিউজ ডেক্স,7 জুনঃ সুদীৰ্ঘ 19 বছৰ জুৰি একেলগে কাম কৰা নাছিল চলমান খান আৰু সঞ্জয়লীলা ভাঞ্চালীয়ে ৷ এতিয়া পুনৰ একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুয়োজনে ৷ আগন্তুক বৰ্ষৰ ঈদত মুক্তি পাবলগীয়া চলচ্চিত্ৰ 'ইনচাল্লাহ'ৰ বাবে একেলগে কাম কৰিব দুয়োজনে ৷ লগতে অনুৰাগীসকলে জানিবলৈ পাই সুখী হ'ব যে, এইবাৰ আলিয়া ভাটে প্ৰথমবাৰৰ বাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিব চলমান খানৰ সৈতে ৷
'ইনচাল্লাহ'ত চলমানখানৰ বিপৰীতে আলিয়া ভাট - suryavanshi
'ইনচাল্লাহে' পুনৰ মিলন ঘটালে চলমান খান আৰু সঞ্জয়লীলা ভাঞ্চালীৰ
19 বছৰৰ পাছত পুনৰ মিলন চলমান-সঞ্জয়ৰ
এইখিনিতে উল্লেখ্য যে, 2020 চনৰ ঈদত মুক্তি পাব চলমান খান অভিনীত ছবি সূৰ্যবংশী , সেয়ে এই ক্ষেত্ৰত একেটা সময়তে মুক্তি পোৱা দুয়োখন চলচ্চিত্ৰৰ মাজত সংঘাত হ'ব পাৰে বুলি সন্দেহ ঘনীভূত হৈছে ৷