অসম

assam

By

Published : Dec 20, 2020, 6:32 PM IST

ETV Bharat / sitara

সাংসদ অনুভৱ মাহান্তিৰ বিৰুদ্ধে গোচৰ তৰিলে পত্নীয়ে

ওড়িশাৰ কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ সাংসদ অনুভৱ মাহান্তিৰ বিৰুদ্ধে গোচৰ তৰিছে পত্নী বৰ্ষা প্ৰিয়দৰ্শিনীয়ে ৷ পুৰীঘাট আৰক্ষী চকীত স্বামী আৰু দুজন সহায়কৰ বিৰুদ্ধে গোচৰ তৰিছে বৰ্ষাই ৷

actress-varsha-complain-against-husband-anubhav
কেন্দ্ৰপাৰা সাংসদ অনুভৱ মোহান্তেৰ বিৰুদ্ধে গোচৰ পত্নী বৰ্ষা প্ৰিয়দৰ্শিনীৰ

চিটাৰা ডেস্ক,20 ডিচেম্বৰ :এইবাৰ সাংসদৰ বিৰুদ্ধে গোচৰ লৈ আৰক্ষী চকী পালেগৈ খোদ পত্নী ৷ ওড়িশাৰ কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ সাংসদ অনুভৱ মাহান্তি আৰু তেওঁৰ পত্নী বৰ্ষা প্ৰিয়দৰ্শিনীৰ পাৰিবাৰিক কন্দলে নতুন মোৰ লৈছে ৷ শনিবাৰে বৰ্ষা প্ৰিয়দৰ্শিনীয়ে পুৰীঘাট আৰক্ষী চকীত স্বামী আৰু দুজন সহায়কৰ বিৰুদ্ধে দাখিল কৰিছে এটা গোচৰ ৷ বৰ্ষাই অভিযোগ কৰি কয় যে, শুকুৰবাৰে অনুভৱ মাহান্তিয়ে পত্নীৰ কক্ষটো বন্ধ কৰি থয় ৷ যাৰ বাবে প্ৰায় এঘন্টা সময় বাহিৰতে কটাবলগীয়া হয় বৰ্ষাই ৷ এই সন্দৰ্ভতে পৰৱৰ্তী সময়ত সাংসদ গৰাকীৰ বাসগৃহত উপস্থিত হয় আৰক্ষী ৷

আনহাতে, সামাজিক মাধ্যমত ভাইৰেল হোৱা পত্নী বৰ্ষা আৰু তেখেতৰ ভগ্নীৰ কথোপকথনৰ অডিঅ’ ক্লিপ সন্দৰ্ভত উচিত তদন্তৰ দাবীত ওড়িশাৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে সাংসদগৰাকীয়ে ৷ পত্ৰত সাংসদগৰাকীয়ে লিখে যে, "মই আপোনাক দৃষ্টিগোচৰ কৰিব বিচাৰো যে বিগত প্ৰায় এমাহ ধৰি সামাজিক মাধ্যমৰ লগতে অন্যান্য মাধ্যমত এটি বিশেষ অডিঅ’ ক্লিপে চৰ্চা লাভ কৰিছে ৷ এই ক্লিপটো শুনাৰ পিছত মোৰ পত্নী, আমাৰ পৰিয়ালবৰ্গৰ, মোৰ শুভাকংক্ষীৰ লগতে মই নিজে যথেষ্ট চিন্তিত হৈ পৰিছো ৷ এই অডিঅ’ ক্লিপটো মোৰ পত্নী বৰ্ষা প্ৰিয়দৰ্শিনী তেখেতৰ ভগ্নী বনানী চাহু, দেৱজানী চাহু গৌড়া আৰু মোৰ মাজৰ কথোপকথন বুলি সকলোৱে ধাৰণা কৰিছে ৷ এই অডিঅ’ ক্লিপটো যথেষ্ট আপত্তিজনক আৰু ঘৃণনীয় ৷ "

তেখেতে পত্ৰৰ শেষত কয় যে, আপোনাৰ অধীনত থকা ওড়িশা আৰক্ষী আৰু তেওঁলোকৰ অনুসন্ধানৰ ক্ষমতাৰ ওপৰত মোৰ যথেষ্ট আস্থা আছে ৷ গতিকে মই এই সমগ্ৰ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি দোষীত কৰায়ত্ব কৰিবলৈ অনুৰোধ জনালো ৷

লগতে পঢ়ক-হঠাৎ স্বাস্থ্যৰ অৱনতি বলিউডৰ ডিস্ক’ডেঞ্চাৰ মিথুন চক্ৰৱৰ্তীৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details