চিটাৰা ডেস্ক, 27 অক্টোবৰ:অভিনেত্ৰী পায়েল ঘোষে সোমবাৰে মুম্বাইত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেৰ নেতৃত্বাধীন ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া (এ) ত যোগদান কৰে ৷ অভিনেত্ৰী গৰাকীক মহিলা শাখাৰ উপাধ্যক্ষ পদত অধিস্থিত কৰা হৈছে ৷
অভিনেত্ৰী গৰাকীৰ নিজ দললৈ স্বাগতম জনাই কয়, "মই তেওক আমাৰ দলত যোগদান কৰাৰ বাবে ধন্যাবাদ জ্ঞাপন কৰিছো আৰু আমাৰ দললৈ স্বাগতম জনাইছো ৷"
ঘোষে আঠাৱালেক তেওঁৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু দলটোৰ লগতে ভাৰতৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে ৷ তেওঁ কয়, "মহাশয়ে সদায় মোৰ সমৰ্থন কৰিছে আৰু মই তেওঁৰ ওচৰত কৃতজ্ঞ ৷ মহিলা সকলক এনে ধৰণৰ সমৰ্থনৰ প্ৰয়োজন আছে ৷ চিনেমাৰ ওপৰিও যেতিয়াই মোৰ হাতত আজৰি সময় থাকিব তেতিয়া মই আৰ.পি.আই আৰু ভাৰতৰ হকে কাম কৰিম" বুলি তেওঁ উল্লেখ কৰে ৷
লগতে পঢ়ক:শা সালিয়ানৰ মৃত্যত CBI তদন্তৰ দাবীৰে কৰা আবেদন নস্যাৎ উচ্চতম ন্য়ায়ালয়ৰ