চিটাৰা ডেস্ক, 27 মে’: শেহতীয়া কোভিড-19ৰ বিৰুদ্ধে অহৰহভাৱে যুঁজ দি থকা চিকিৎসকসকলক সুঁৱৰি বলিউডৰ এভাৰগ্ৰীণ অভিনেত্ৰী মাধুৰী দীক্ষিতে ‘কেণ্ডেল’ শীৰ্ষক এটি গীত চ’ছিয়েল মিডিয়াযোগে মুকলি কৰে ৷
কেণ্ডেল: চিকিৎসকলৈ সমৰ্পিত অভিনেত্ৰী মাধুৰী দীক্ষিতৰ প্ৰথমটো গীত - মাধুৰী দীক্ষিতৰ প্ৰথমটো গীত মুকলি
বলিউডৰ ‘ধক্ ধক্ গাৰ্ল’ মাধুৰী দীক্ষিতৰ প্ৰথমটো গীত মুকলি ৷ শেহতীয়া কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকাৰ সকলো চিকিৎসকক সমৰ্পিত কৰি ‘কেণ্ডেল’ শীৰ্ষক গীতটি মুকলি কৰে অভিনেত্ৰীগৰাকীয়ে ৷ সমগ্ৰ বলিউড মন্ত্ৰমুগ্ধ হৈ পৰে অভিনেত্ৰীগৰাকীৰ গীতত ৷

চিকিৎসকলৈ সমৰ্পিত অভিনেত্ৰী মাধুৰী দীক্ষিতৰ প্ৰথমটো গীত
গীতটিৰ জৰিয়তে ‘কেণ্ডেল ফ’ৰ হোপ’ কৰ’ণা বিৰোধী এক আন্দোলনৰ লেখীয়াকৈ চিকিৎসকসকলক প্ৰশংসা আৰু ধন্যবাদ জ্ঞাপন কৰে অভিনেত্ৰীগৰাকীয়ে ৷ এই গীতটিৰ জৰিয়তে সংগীত জগতত ভৰি দি সমগ্ৰ বলিউডৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয় অভিনেত্ৰী মাধুৰী দীক্ষিতে ৷
লগতে পঢ়ক: প্ৰতিদিনে ভাৰতে 1.1 লাখ COVID-19 নমুনা পৰীক্ষণ কৰিছে : ICMR ৰ মুৰব্বী