এন্টাৰটেইনমেন্ট ডেস্ক, 28 মে’: এছিয়াৰ বৃহত্তম বস্তি অঞ্চল মুম্বাইস্থিত ধাৰৱীত কৰ’ণা মহামাৰীয়ে আতংকৰ সৃষ্টি কৰাৰ সময়তে ধাৰৱীৰ বাসিন্দাসকলক সুৰক্ষা দিয়াৰ বাবে আগবাঢ়ি আহিছে বলিউডৰ অভিনেতা অজয় দেৱগনে ৷ লগতে অভিনেতাগৰাকীয়ে নিজেই 700টা পৰিয়ালৰ দায়িত্ব বহন কৰিব বুলি জানিবলৈ দিয়ে ৷
মুম্বাইৰ কোভিড-19ত ক্ষতিগ্ৰস্ত শ্ৰমিকলৈ সহায় আগবঢ়াবলৈ আহ্বান অজয় দেৱগনৰ - Actor Ajay Devgn urges all to donate for Mumbai's COVID-19 epicentre
মহানগৰী মুম্বাইস্থিত এছিয়াৰ বৃহত্তম বস্তি অঞ্চল ধাৰৱীত কৰ’ণাৰ আতংকৰ পিছতেই বাসিন্দাসকলক লক ডাউনৰ সময়ছোৱাত সহায়ৰ অৰ্থে বলিউডৰ অভিনেতা অজয় দেৱগনে হাতত লৈছে এক প্ৰচেষ্টা ৷ অভিনেতাগৰাকীয়ে ধাৰৱীৰ সকলো দুখীয়া বাসিন্দাক সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায় ৷ লগতে তেওঁ এই অঞ্চলৰ 700 টা পৰিয়ালক সাহাৰ্যক আগবঢ়োৱাৰ সিদ্ধান্ত হাতত লৈছে ৷
মুম্বাইৰ কোভিড-19ত ক্ষতিগ্ৰস্ত শ্ৰমিকলৈ সহায় অভিনেতা অজয় দেৱগনৰ
অন্য এক সূত্ৰ মতে, অভিনেতা অজয় দেৱগনে ধাৰৱীৰ শ্ৰমিকসকলক কৰা সহায়ক লৈ অভিনেতা চনু চুডৰো প্ৰশংসা কৰে ৷ টুইটাৰযোগে অজয় দেৱগনে প্ৰশংসা কৰে চনু চুডৰ ৷