চিটাৰা ডেস্ক, ১ আগষ্ট :সম্প্ৰতি বলীউডৰ ষ্টাৰ আমিৰ খান (Amir Khan) ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি 'লাল সিং চাদ্দা'ৰ (Laal Singh Chaddha) শ্বুটিঙত । ছবিখনৰ গুৰুত্বপূৰ্ণ অংশৰ শ্বুটিং কৰা হৈছে জম্মু-কাশ্মীৰত । যাৰ বাবে শেহতীয়াকৈ কেইবাদিনো ধৰি অভিনেতাগৰাকী জম্মু-কাশ্মীৰতে আছে । এই সময়চোৱাত তেওঁ ছবিখনৰ শ্বুটিঙৰ সমান্তৰালকৈ জম্মু-কাশ্মীৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰিছে ।
'লাল সি চাদ্দা'ৰ শ্বুটিঙৰ মাজতে আমিৰ খানে বৃহস্পতিবাৰে অমৰ সিং মহাবিদ্যালয় পৰিদৰ্শন কৰে । এইবাৰ বলীউডৰ চুপাৰষ্টাৰ গৰাকীয়ে শনিবাৰে জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাক (Lt Governor Manoj Sinha) সাক্ষাৎ কৰে । কেন্দ্ৰীয় শাসিত অঞ্চলকটোক অন্যতম প্ৰিয় চলচ্চিত্ৰ শ্বুটিঙৰ স্থান হিচাপে গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰিবলৈ অভিনেতাগৰাকীয়ে সাক্ষাৎ কৰে লেফটেনেণ্ট গৱৰ্ণৰক ।
আমিৰ খান লগতে ছবিখনৰ প্ৰযোজক কিৰণ ৰাওৱে (Kiran Rao) ৰাজভৱনত লেফটেনেণ্ট গৱৰ্ণৰক সাক্ষাৎ কৰে । পৰৱৰ্তী সময়ত লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই টুইটযোগে অভিনেতাগৰাকীক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰে । লগতে জম্মু-কাশ্মীৰক ফিল্ম শ্বুটিঙৰ এক জনপ্ৰিয় স্থান হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো তেওঁলোকে আলোচনা কৰে বুলি টুইটটোত উল্লেখ কৰে ৰাজ্যপাল গৰাকীয়ে ।
এইধৰণৰ আলোচনা প্ৰথমবাৰলৈ হোৱা নাই ইয়াৰ পূৰ্বেও বহু ছবি নিৰ্মাতাই জম্মু-কাশ্মীৰক উৎকৃষ্ট শ্বুটিঙৰ স্থান হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আহ্বান জনাই আহিছে । যোৱা জানুৱাৰী মাহত দেৱগন ফিল্মছ , সঞ্জয় দত্ত প্ৰডাকচন, ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট, ৰোহিত চেট্টী ফিল্মছ, জি ষ্টুডিঅ' আদিৰ দৰে কেইটামান উল্লেখযোগ্য ছবি নিৰ্মাণকাৰী প্ৰতিষ্ঠানক কাশ্মীৰৰ পৰ্যটন সঞ্চালক ড০ জি এন আইটুৱে ৰাজ্যখনত নতুন চলচ্চিত্ৰৰ সুযোগৰ বিষয়ে আলোচনা কৰিবলৈ নিমন্ত্ৰণ জনাইছিল ।
লগতে পঢ়ক :এছ শংকৰৰ পৰৱৰ্তী ছবিত ৰাম চৰণ আৰু কিয়াৰা আদৱানী